কলিয়াবৰ,22 মাৰ্চ: মাৰাথন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী সোমবাৰে উপস্থিত হয় কলিয়াবৰত ৷ কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
এই উপলক্ষে আয়োজন কৰা সভাৰ ভাষণত গান্ধীয়ে কংগ্ৰেছৰ পাঁচ গেৰাণ্টিৰ কথা পুনৰবাৰ উল্লেখ কৰে ৷ তেওঁ কয়, বিজেপিয়ে অসমৰ হিতৰ বাবে একো নাভাবে ৷ প্ৰতিশ্ৰুতি নহয়, গেৰাণ্টি দিছো ৷ এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো 100 শতাংশই নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰে প্ৰিয়ংকা গান্ধীয়ে ৷