কলিয়াবৰ, 11 অক্টোবৰ: পুনৰ চৰ্চাত ভূমি বিতৰ্ক ! কাৰ্বি পাহাৰৰ মাটি মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাই ক্ৰয় কৰা বুলি সংবাদ মাধ্যমত হোৱা প্ৰচাৰ সন্দৰ্ভত কাৰ্বি পাহাৰৰ স্থানীয় লোকে সংবাদ মেলযোগে দিয়ে স্পষ্টীকৰণ ৷ সংবাদ মেলত স্থানীয় লোকসকলে কয়, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কাৰ্বি পাহাৰক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে স্থানীয় লোকসকলে গ্ৰহণ কৰিছে পদক্ষেপ ৷ কাৰ্বি পাহাৰত পৰ্যটকৰ সুবিধাৰ বাবে থকা-খোৱা আৰু ট্ৰেকিঙৰ সুবিধাৰ বাবে ৰিণিকী ভূঞা শৰ্মাই সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছে স্থানীয় লোকক ৷ পাহাৰৰ পৰ্যটনৰ বাবে অখিল গগৈয়েও সহায়ৰ হাত আগবঢ়াব ৷"
উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে পাহাৰীয়া জিলাখনত এহাজাৰ বিঘা ভূমি দখলৰ অভিযোগ উত্থাপন হৈছিল । কলিয়াবৰৰ দেওচুৰত সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছৰ আই টি চেলে এক অডিঅ' টেপ প্ৰচাৰ কৰাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই ঘটনা পোহৰলৈ অহাৰ পাছতে বিধায়ক অখিল গগৈয়ে সোমবাৰে মাটি অধিগ্ৰহণ কৰা বুলি অভিযোগ উঠা স্থানডোখৰ পৰিদৰ্শন কৰাৰ লগতে বিষয়টো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । প্ৰতিক্ৰিয়া প্ৰকাশৰ পিচতে মঙলবাৰে কাৰ্বি-আংলঙৰ সেই স্থানৰ বাসিন্দাৰ প্ৰতিনিধিবৰ্গই এক সংবাদ মেল আয়োজন কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে এহেজাৰ বিঘা মাটি দখল কৰা বুলি যি প্ৰচাৰ চলিছে, সেয়া সম্পূৰ্ণ মিছা বুলি অভিহিত কৰে ।