অসম

assam

By

Published : Mar 11, 2020, 1:04 PM IST

Updated : Mar 11, 2020, 1:20 PM IST

ETV Bharat / state

মুকলি আকাশৰ তলত জীৱনৰ আদিপাঠ গ্ৰহণ কণ কণ ছাত্ৰ ছাত্ৰীৰ

শিক্ষা বিভাগৰ উন্নয়নৰ ভাষণৰ এক বিপৰীত ছবি চামগুৰিত। মুকলি আকাশৰ তলত জীৱনৰ আদিপাঠ গ্ৰহণ কণ কণ ছাত্ৰ ছাত্ৰীৰ।

নগাঁও
মুকলি আকাশৰ তলত জীৱনৰ আদিপাঠ গ্ৰহণ কণ কণ ছাত্ৰ ছাত্ৰীৰ

নগাঁও , 11 মাৰ্চঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত তথা ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ এখন অতি জৰাজীৰ্ণ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় হ'ল কঠালগুৰিত থকা তেৰাং গাওঁ প্ৰাৰ্থমিক বিদ্যালয়। বিদ্যালয় খনৰ আন্তঃগাঁঠনিৰ অতি পুতৌ লগা অৱস্থাৰ বাবে মুকলি আকাশৰ তলতেই শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে প্ৰায় অৰ্ধ শতাধিক কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰা গৃহটোৰ বেৰসমূহ পকী যদিও মুধচত নাই কোনো স্থায়ী চালি, নাই এযোৰো ডেক্স-বেঞ্চ, পোৱা নাই ইউনিফৰ্ম। যাৰ বাবে প্ৰখৰ ৰ'দতে মাটিত বস্তা পাৰি কণমানি শিশুহঁতে গ্ৰহণ কৰিব লগীয়া হৈছে জীৱনৰ আদিপাঠ। বিগত অগপ চৰকাৰ দিনতে বিদ্যালয় গৃহটো নিৰ্মাণ হৈছিল যদিও আধৰুৱা হৈ থকা ঘৰটো পুনৰ নিৰ্মাণ কৰাৰ প্ৰতি মনোনিৱেশ নকৰিলে পৰৱৰ্তী কোনো এখন চৰকাৰে।

মুকলি আকাশৰ তলত জীৱনৰ আদিপাঠ গ্ৰহণ কণ কণ ছাত্ৰ ছাত্ৰীৰ

উল্লেখযোগ্য যে, ১৯৮৬ চনতে স্থাপিত হোৱা বৃহত্তৰ অঞ্চলটোৰ অন্যতম বিদ্যালয় খন কেৱল চৰকাৰী স্বীকৃতিপ্ৰাপ্তহে হ'ল, নহ'ল চৰকাৰীকৰণ। যাৰ বাবে বছৰ বছৰ ধৰি বিদ্যালয় খনত কৰ্মৰত দুজনকৈ শিক্ষকে বিনা-বেতনত কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা দান কৰিব লগীয়া হৈছে । কিন্তু অতি পৰিতাপৰ বিষয় এইয়ে যে ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয় খনৰ এই দুৰৱস্থাৰ বিষয়ে বহু সময়ত শিক্ষাখণ্ড বিষয়া গৰাকীক অৱগত কৰি অহাৰ পিছতো আজি পৰ্যন্ত কোনো বিহিত ব্যৱস্থা হাতত নোলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে স্কুল কতৃপক্ষই । শীঘ্ৰে চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী গৰাকীক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ শিশু সকলক শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয় খনত এক সুন্দৰ পৰিবেশ তৈয়াৰ কৰাত সহায় কৰিবলৈ আহ্বান জনাই শিক্ষকদ্বয়ে।

আৰু পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত ব্যাপক প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল জনতা

Last Updated : Mar 11, 2020, 1:20 PM IST

ABOUT THE AUTHOR

...view details