অসম

assam

ETV Bharat / state

পে'ট্ৰল পাম্পৰ পৰা তেলৰ বিপৰীতে ওলাল ক'লা পানী

লংকাৰ ইছলামবস্তিস্থিত অসম অইল ডিপোত তেলৰ বিপৰীতে ক'লা পানী ভৰোৱাৰ অভিযোগ এজন যুৱকৰ ৷

By

Published : May 6, 2019, 7:24 PM IST

পে'ট্ৰল পাম্পৰ পৰা তেলৰ বিপৰীতে ওলাল ক'লা পানী

হোজাই, 6 মে' : আপোনাৰ মটৰচাইকেল বা চাৰিচকীয়া বাহন খনত পে'ট্ৰল পাম্পৰ পৰা তেল ভৰাওতে হওক সাৱধান, নহ'লে হ'ব পাৰে আপোনাৰ বাহন খন বিকল ৷

এনে এক ঘটনা সংঘটিত হ'ল হোজাই জিলাৰ লংকাৰ এটা পে'ট্ৰল পাম্পত ৷ সোমবাৰে লংকাৰ ইছলামবস্তিস্থিত অসম অইল ডিপোত নিজৰ মটৰচাইকেইলত 1000 টকাৰ ডিজেল ভৰাই এজন যুৱকে ৷ কিন্তু পে'ট্ৰল ভৰোৱাৰ পাচদিনাই বিকল হৈ পৰে যুৱকজনৰ চাৰিচকীয়া বাহনখন ৷ বিকল হৈ পৰা বাহনখন এটা গেৰেজত লৈ যোৱাৰ পাচতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ডিজেলৰ ঠাইত ক'লা ৰঙৰ পানী ওলায় যুৱকজনৰ বাহনৰ পৰা ৷ ঘটনা সন্দৰ্ভত পে'ট্ৰল পাম্পটোৰ বিষয়াক যুৱকজনে অৱগত কৰে যদিও যুৱকজনৰ অভিযোগ মানি ল'বলৈ অমান্তি হয় পে'ট্ৰল পাম্পটোৰ কৰ্তৃপক্ষ ৷

পে'ট্ৰল পাম্পৰ পৰা তেলৰ বিপৰীতে ওলাল ক'লা পানী

ABOUT THE AUTHOR

...view details