অসম

assam

By

Published : Jul 8, 2020, 6:46 PM IST

ETV Bharat / state

কৰ'ণাক কেৰেপ নকৰা একাংশ লোক

কৰ'ণা মহামাৰীৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণৰ সময়তো শংকিত নোহোৱা একাংশ লোক ৷ স্বাস্থ্য বিধিক ভেঙুচালি কৰা একাংশ লোক ৷ মহামাৰী নহয় যেন কোনো উৎসৱৰ সময়হে চলিছে ৷ বুধবাৰে এনে এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ'ল নগাঁৱৰ বৰ বজাৰস্থিত পাইকাৰী মাছৰ বজাৰত ৷

over crowded situation in nagaon fish market
over crowded situation in nagaon fish market

নগাঁও, 8 জুলাইঃসম্প্ৰতি বিশ্বত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা মহামাৰীৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণে ৷ এনে প্ৰতিকূল সময়ত আমাৰ সকলোৰে সামাজিক দায়ৱদ্ধতা হ’ল সামাজিক দূৰত্ব বজাই ৰখা । এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ লগতে, চৰকাৰ-প্ৰশাসনেও জাৰি কৰিছে কেতবোৰ নিয়ম ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা অতি কমেও ১ মিটাৰ দূৰত্ব বজাই ৰাখিবলৈ ৰাইজক বাৰম্বাৰ আহ্বান জনোৱা হৈছে ৷ যাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে জাৰি কৰা হৈছিল কঠোৰ লক ডাউন ৷ কিন্তু কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ সময়ছোৱাত এই মহামাৰী প্ৰতিহত কৰিবলৈ জাৰি কৰা স্বাস্থ্য বিধিয়ে যেন, কোনো প্ৰভাৱ পেলাব নোৱাৰিলে নগাঁৱৰ একাংশ লোকক ৷ যি সময়ত কৰ'ণা প্ৰতিহত কৰাৰ বাবে সচেতন নাগৰিকে সচেতনতা অবলম্বন কৰা দেখা গৈছে তেনে সময়তে, নগাঁৱৰ এখন বজাৰত দেখিবলৈ পোৱা গ'ল ইয়াৰ সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি ৷

কৰ'ণাৰ বিভীষিকাই শংকিত নকৰা একাংশ লোক

নগাঁৱৰ পাইকাৰী মাছৰ বজাৰত সামাজিক দূৰত্বক ভেঙুচালি কৰি ভংগ কৰিলে কৰ'ণা সম্পৰ্কে জাৰি কৰা সকলো নিয়ম ৷ নগাঁও চহৰৰ বৰ বজাৰস্থিত পাইকাৰী মাছৰ বজাৰত বুধবাৰে পৰিলক্ষিত হ'ল অভাৱনীয় ভীৰ ৷ এই ঘটনা কেৱল আজিৰ নহয় ৷ জানিব পৰা মতে, প্ৰতিদিনেই পুৱাৰ পৰা এইখন বজাৰত সমাগম ঘটে অসংখ্য লোকৰ ৷

উল্লেখ্য যে, জিলাখনত বৰ্তমানলৈ ৮৫২ গৰাকী লোকলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ তৎসত্বেও কৰ'ণাৰ বিভীষিকাই শংকিত কৰিব পৰা নাই জিলাখনৰ একাংশ লোকক ৷ বুধবাৰে বজাৰখনত হোৱা শতাধিক লোকৰ সমাগমৰ দৃশ্য বন্দী হ'ল সংবাদিকৰ কেমেৰাত ৷ নগাঁও জিলা প্ৰশাসনে 144 ধাৰা জাৰি কৰিও যেন ৰাজহুৱা স্থানত ৰোধ কৰিব পৰা নাই শতাধিক লোকৰ সমাগম ৷ যাক লৈ সম্প্ৰতি শংকিত হৈ পৰিছে জিলাখনৰ সচেতন লোক ৷

লগতে পঢ়কঃCOVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ সাম্প্ৰতিক তথ্য

ABOUT THE AUTHOR

...view details