অসম

assam

By

Published : Jul 12, 2021, 4:04 PM IST

ETV Bharat / state

কলিয়াবৰত আৰক্ষী আৰু চুলাই মদ ব্যৱসায়ীৰ খণ্ডযুদ্ধ

কলিয়াবৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান ৷ অভিযানকালত আৰক্ষী আৰু চুলাই মদ ব্যৱসায়ীৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷

কলিয়াবৰত আৰক্ষী আৰু চুলাই মদ ব্যৱসায়ীৰ খণ্ডযুদ্ধ
কলিয়াবৰত আৰক্ষী আৰু চুলাই মদ ব্যৱসায়ীৰ খণ্ডযুদ্ধ

কলিয়াবৰ, 12 জুলাই : কলিয়াবৰৰ বিভিন্ন স্থানত অবৈধ চুলাই মদৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষী (Kaliabor Police) আৰু আবকাৰী বিভাগে (Excise Department) অভিযান অব্যাহত ৰাখিছে । কলিয়াবৰৰ বৰহোলা গাঁৱত জখলাবন্ধা আৰক্ষী (Jakhalabanda Police)ৰ এটা বৃহৎ দলে দেওবাৰে নিশা অভিযান চলাই কেইবাটাও চুলাই মদৰ ঘাটি ধ্বংস কৰাৰ লগতে প্ৰায় ২,০০০ লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ অভিযানৰ সময়ত চুলাই মদ ব্যৱসায়ী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ হোৱাও দেখিবলৈ পোৱা যায় ।

কলিয়াবৰত আৰক্ষী আৰু চুলাই মদ ব্যৱসায়ীৰ খণ্ডযুদ্ধ

আৰক্ষীলৈ লক্ষ্য কৰি চুলাই মদ ব্যৱসায়ীয়ে প্ৰহাৰ কৰিবলৈ খেদি অহাত আৰক্ষীয়ে চুলাই মদ ব্যৱসায়ীক কঠোৰ ভাষাৰে সকিয়নী দিয়ে । আনহাতে, কলিয়াবৰ আৰক্ষী (Kaliabor Police) আৰু আবকাৰী বিভাগ (Excise Department)ৰ এটা দলে দেওবাৰে কলিয়াবৰ চাহ বাগানতো (Kaliyabar Tea Estate) যুটীয়াভাৱে অভিযান চলায় ৷ আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত প্ৰায় ১০০০ লিটাৰ দেশীয় সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী নষ্ট কৰে ।

আৰক্ষীয়ে অভিযান চলোৱাৰ সম্ভেদ লাভ কৰি সুৰা প্ৰস্তুত কৰা অসাধু ব্যৱসায়ী চক্ৰটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

লগতে পঢ়ক :ডিগবৈত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল বিস্তৰ সম্পত্তি

ABOUT THE AUTHOR

...view details