অসম

assam

ETV Bharat / state

নতুন বছৰত পুনঃ চৰকাৰ গঠনৰ আশা কেশৱ মহন্তৰ - assamese new year

মন্ত্ৰী কেশৱ মহন্তই নতুন বছৰে অসমবাসীলৈ নতুন বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে ৷ লগতে অসমত পুনৰ চৰকাৰ গঠন কৰিব বুলিও আশা প্ৰকাশ কৰে তেওঁ ৷

নতুন বছৰত কেশৱৰ আশা,পুনৰ চৰকাৰ গঠন কৰিব মিত্ৰজোঁটে !
নতুন বছৰত কেশৱৰ আশা,পুনৰ চৰকাৰ গঠন কৰিব মিত্ৰজোঁটে !

By

Published : Apr 16, 2021, 11:39 AM IST

নগাঁও, 16 এপ্ৰিল :নতুন বছৰে অসমবাসীলৈ নতুন বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিলে মন্ত্ৰী কেশৱ মহন্তই। ইয়াৰ লগতে সাংবাদিকক সম্বোধন কৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই।

তেওঁ কয়, অহা ২ মে' তাৰিখে অসম বিধান সভাৰ ফলাফল ঘোষণা কৰিব। বিজেপি-অগপ মিত্ৰজোঁটে বিজয় সাব‍্যস্ত কৰি ৰাজ‍্যত পুনৰ চৰকাৰ গঠন কৰিব বুলি মহন্তই মন্তব্য প্ৰকাশ কৰে ৷

নতুন বছৰত কেশৱৰ আশা,পুনৰ চৰকাৰ গঠন কৰিব মিত্ৰজোঁটে !

ইফালে, কভিড সংক্ৰমণৰ ক্ষেত্ৰত সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰি থাকিবলৈ আহ্বান জনাই কেশৱ মহন্তই ৷ দেশত পুনৰ ক'ৰমা ৰোগীৰ সংখ্যা বাঢ়িছে ৷ দেশৰ প্ৰধান মন্ত্ৰীয়েও ৰাজ‍্য চৰকাৰ সমূহক তৎপৰতাৰে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নীতি-নিৰ্দেশনা জাৰি কৰিছে। গতিকে এনে পৰিস্থিতিত ক’ভিড প্ৰতিষেধক লৈ এই সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৰাজ‍্যবাসীলৈ আহ্বান জনাই কেশৱ মহন্তই ৷

লগতে পঢ়ক: প্ৰমোদ ভ্ৰমণৰ অন্ত : অসমমুখী হ’ল এআইইউডিএফৰ 20 প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details