অসম

assam

By

Published : Apr 14, 2021, 6:46 AM IST

Updated : Apr 14, 2021, 10:30 AM IST

ETV Bharat / state

বিহু আহিলেই গাত তত্ নোহোৱা হয় কলিয়াবৰৰ নন্দলালৰ

গছে-বনে,পাতে-ফুলে ৰঙালী বিহুৰ জাননী লৈ অহাৰ লগে-লগে শিল্পী সকল ব্যস্ত হৈ পৰে থলুৱা বাদ্য নিৰ্মাণত ৷ তেনে এগৰাকী শিল্পী হ'ল কলিয়াবৰৰ নন্দলাল ৰবিদাস ৷ কলিয়াবৰৰ হাতীগাঁৱৰ নন্দলাল বিহু অহাৰ লগে লগে ব্যস্ত হৈ পৰে পেঁপা, গগণা, সুতুলি আদি থলুৱা বাদ্য নিৰ্মাণত ৷ শিল্পী গৰাকীয়ে নিজ গৃহতে নিজ হাতেৰে তৈয়াৰ কৰা পেঁপা, গগনা, সুতুলি আদি ক্ৰয় কৰিবৰ বাবে ভিৰ কৰেহি বহু দূৰ-দূৰণিৰ ডেকা গাভৰুৱে ৷

থলুৱা বাদ্য নিৰ্মাণত ব্যস্ত কলিয়াবৰৰ নন্দলাল
থলুৱা বাদ্য নিৰ্মাণত ব্যস্ত কলিয়াবৰৰ নন্দলাল

কলিয়াবৰ, 14 এপ্ৰিল : আজি গৰু বিহু ৷ সৰ্বত্ৰে ৰঙালীক আদৰাৰ প্ৰস্তুতি প্ৰায় তুংগত উঠাৰ সময়তে ব্যস্ত হৈ পৰিছে একাংশ চহা শিল্পী ৷ গছে-বনে,পাতে-ফুলে ৰঙালী বিহুৰ জাননী লৈ অহাৰ লগে-লগে শিল্পী সকল ব্যস্ত হৈ পৰে থলুৱা বাদ্য নিৰ্মাণত ৷ তেনে এগৰাকী শিল্পী হ'ল কলিয়াবৰৰ নন্দলাল ৰবিদাস ৷ কলিয়াবৰৰ হাতীগাঁৱৰ নন্দলাল বিহু অহাৰ লগে লগে ব্যস্ত হৈ পৰে পেঁপা, গগণা, সুতুলি আদি থলুৱা বাদ্য নিৰ্মাণত ৷ শিল্পী গৰাকীয়ে নিজ গৃহতে নিজ হাতেৰে তৈয়াৰ কৰা পেঁপা, গগনা, সুতুলি আদি ক্ৰয় কৰিবৰ বাবে ভিৰ কৰেহি বহু দূৰ-দূৰণিৰ ডেকা গাভৰুৱে ৷

থলুৱা বাদ্য নিৰ্মাণত ব্যস্ত কলিয়াবৰৰ নন্দলাল

উল্লেখ্য যে, নন্দলাল ৰবিদাস পেছাত এগৰাকী পানী সংযোগ কৰা মিস্ত্ৰী যদিও কাঠ আৰু বাঁহ-বেতৰ সুনিপুণ বাঢ়ৈ। লগতে এগৰাকী দোতোৰা বাদক ৰূপেও সুখ‍্যাতি থকা নন্দলাল ৰবিদাসে এইবাৰ ৰাজ‍্য চৰকাৰৰ শিল্পী সম্বৰ্ধনাও লাভ কৰিছে। ব'হাগৰ বতৰত বিভিন্নজনৰ আগ্ৰহৰ প্ৰতি লক্ষ‍্য ৰাখি বিহুৰ বতৰত এই শিল্পী জনে বিহু গীত গাই-গাই ব্যস্ত হৈ পৰে থলুৱা বাদ্য তৈয়াৰ কৰাত ৷ লোক-সংস্কৃতি, লোক-বাদ্য আৰু থলুৱা বাদ্যসমূহ অসমীয়াৰ মাজত জীয়াই ৰাখিবৰ বাবে নন্দলাল ৰবিদাসে নিৰৱে কৰিছে সংগ্ৰাম। প্ৰায়ে অৱহেলিত হৈ থকা এনে নিৰৱ শিল্পী সাধক সকলে কেৱল এটা নিৰ্দিষ্ট সময়তহে গুৰুত্ব লাভ কৰে।

বিহু আহিলেই গাত তত্ নোহোৱা হয় কলিয়াবৰৰ নন্দলালৰ

লগতে পঢ়ক:ধেমাজিত ৰঙালীক আদৰিবলৈ সাজু শিপিনীসকল

Last Updated : Apr 14, 2021, 10:30 AM IST

ABOUT THE AUTHOR

...view details