অসম

assam

ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত নকল সোণৰ নাও সহ দুজন

আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে গঢ়ি তোলা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে নকল সোণৰ অবৈধ বেহা ।

By

Published : Mar 9, 2021, 8:17 PM IST

নগাঁও আৰক্ষীৰ জালত নকল সোণৰ নাও সহ দুজন
নগাঁও আৰক্ষীৰ জালত নকল সোণৰ নাও সহ দুজন

নগাঁও,9 মাৰ্চঃ আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে গঢ়ি তোলা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে নকল সোণৰ অবৈধ বেহা । গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে নকল সোণৰ নাও সহ আটক কৰিছে দুজনকৈ সৰবৰাহকাৰীক ৷

নগাঁও আৰক্ষীৰ জালত নকল সোণৰ নাও সহ দুজন

আৰক্ষীয়ে অভিযান চলাই ফৌজদাৰীপট্টীৰ পৰা কৰায়ত্ব কৰা আনচাৰুল ইছলাম আৰু ছাদ্দাম হুছেইন নামৰ অসাধু যুৱক দুজনে নকল সোণৰ নাও খন বিক্ৰী কৰিবলৈ লখিমপুৰৰ পৰা আনিছিল বুলি সদৰী কৰে আৰক্ষীয়ে । জব্দ কৃত নকল সোণৰ নাওখনৰ ওজন প্ৰায় ৮০০ গ্ৰাম মান হ'ব । লগতে এই সৰবৰাহৰ বাবে যুৱক দুজনে ব্যৱহাৰ কৰা এখন মটৰ চাইকেল জব্দ কৰে নগাঁও আৰক্ষীয়ে ।

নগাঁও আৰক্ষীৰ জালত নকল সোণৰ নাও সহ দুজন

লগতে পঢ়কঃ লবীকেন্দ্ৰিক ৰাজনীতিত বিধ্বস্ত কংগ্ৰেছ: কল্যাণ গগৈ

ABOUT THE AUTHOR

...view details