অসম

assam

By

Published : Oct 4, 2020, 10:06 PM IST

ETV Bharat / state

পুনৰ ধৰ্ষণকাণ্ড : এইবাৰ নগাঁৱত ধৰ্ষিতা হ'ল কিশোৰী

দেওবাৰে বিয়লি কিশোৰীগৰাকী আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাত গড়াজান আৰক্ষী চকীৰ সমীপতে উত্তম কুমাৰ মণ্ডল নামৰ যুৱকজনে কিশোৰীগৰাকীক ফুচুলাই দোকানৰ ভিতৰলৈ নি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ।

Nagaon
Nagaon

নগাঁও, 4 অক্টোবৰ : উত্তৰ প্ৰদেশৰ গণ ধৰ্ষণক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে দেওবাৰে বিশেষ সম্প্ৰদায়ৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰাক লৈ উত্তপ্ত হৈ পৰে নগাঁও জিলাৰ ৰূপহীহাটৰ গড়াজান অঞ্চল । দেওবাৰে বিয়লি কিশোৰীগৰাকী আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাত গড়াজান আৰক্ষী চকীৰ সমীপতে উত্তম কুমাৰ মণ্ডল নামৰ যুৱকজনে কিশোৰীগৰাকীক ফুচুলাই দোকানৰ ভিতৰলৈ নি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়কঃনাওবৈচাত জালনোট বনোৱা মেচিনসহ গ্ৰেপ্তাৰ অভিযুক্ত

পৰৱৰ্তী সময়ত, স্থানীয় একাংশ লোকে কিশোৰীগৰাকীৰ চিঞৰ-বাখৰ শুনি দোকানৰ ভিতৰত প্ৰৱেশ কৰি কিশোৰীগৰাকীক উদ্ধাৰ কৰে ৷ লগতে অভিযুক্ত যুৱকক লপা-থপা দি আৰক্ষীক চমজাই দিয়ে। ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰে ৷ ইয়াৰোপৰি অভিযুক্তৰ শাস্তিৰ দাবী কৰি একাংশ লোকে আৰক্ষী চকীখনৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ABOUT THE AUTHOR

...view details