অসম

assam

By

Published : Feb 18, 2020, 5:18 PM IST

ETV Bharat / state

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত নগাঁৱত মানৱ শৃংখল

নগাঁৱৰ পানীগাঁৱত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত মানৱ শৃংখল ৰূপায়নেৰে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

NAGAON PROTEST FOR ILP
আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত নগাঁৱত মানৱ শৃংখল

নগাঁও, 18 ফেব্ৰুৱাৰীঃনাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত মঙলবাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতি আৰু নগৰ সমিতিয়ে । নগাঁৱৰ পানীগাৱঁত সংগঠনটোৰ সদস্যসকলে গ্ৰহণ কৰে মানৱ শৃংখল কাৰ্য্যসূচী । পূৰ্বে অসমৰ দুই এখন জিলাত আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা আছিল যদিও সম্প্ৰতি সেয়াও কৰ্তন হোৱা বুলি মন্তব্য কৰি অতি শীঘ্ৰে সমগ্ৰ ৰাজ্যতে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী জনাইছে । আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ।

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত নগাঁৱত মানৱ শৃংখল

ABOUT THE AUTHOR

...view details