নগাঁও, 12 মে'ঃকৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা লক ডাউনৰ মাজতে নগাঁৱত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । নগাঁও কাৰ্বি আংলং সীমান্তৰ পাৰ্কুপ পাহাৰৰ গছ কাটি চোৰাং ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে কাঠৰ ৰমৰমীয়া ব্যৱসায় ।
মঙলবাৰে নগাঁৱৰ পুৰণিগুদাম জলাশগাঁৱৰ পৰা শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপনলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ।
গাঁওখনৰ এগৰাকী ব্যক্তিৰ ঘৰত মজুত ৰখা কাঠসমূহ সোমবাৰে নিশা কাৰফিউ চলি থকাৰ সময়তে সৰবৰাহ কৰাৰ সন্দেহ কৰা হৈছে । বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰি বন বিভাগৰ লোকে লৈ যায় চাপনলা বন বিষয়াৰ কাৰ্যালয়লৈ ।