নগাঁও, 14 অক্টোবৰ : নগাঁও চহৰৰ শংকৰ মিছন পথৰ আই টি আই সন্মুখৰ ছাত্ৰী নিবাসত এগৰাকী ছাত্ৰীক শাৰীৰিক ভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নগাঁৱৰ গুড্ডু ছাত্ৰী নিবাসৰ আবাসী লামডিঙৰ ছাত্ৰী এগৰাকীক একেটা অঞ্চলতে থকা আন এটা ছাত্ৰী নিবাস কৃষ্ণা ছাত্ৰী নিবাসৰ স্বত্বাধিকাৰী বাদল চন্দ্ৰ দাস আৰু তেওঁৰ পত্নীয়ে মিলি লামডিঙৰ ছাত্ৰী গৰাকীক শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ছাত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ তৎকালীন যোগাযোগ নম্বৰ 100 ফোন কৰাত ঘটনাস্থলীত নগাঁও ইটাচালি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি অভিযুক্ত বাদল দাসক আটক কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বাদল দাসক জেৰা অব্যাহত ৰাখিছে।
নগাঁৱৰ এটা ব্যক্তিগত ছাত্ৰী নিবাসৰ স্বত্বাধিকাৰীক আটক - কৃষ্ণা ছাত্ৰী নিবাস
ছাত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ তৎকালীন যোগাযোগ নম্বৰ 100 ফোন কৰাত ঘটনাস্থলীত নগাঁও ইটাচালি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰি অভিযুক্ত বাদল দাসক আটক কৰে ।
আৰক্ষী সূত্ৰই জনোৱা মতে, ছাত্ৰী গৰাকীৰ পূৰ্বতে কৃষ্ণা ছাত্ৰী নিবাসত আবাসী হিচাপে আছিল। কৃষ্ণা ছাত্ৰী নিবাসত পোৱা অসুবিধাৰ বাবে কেইদিনমানৰ পূৰ্বে ছাত্ৰী গৰাকী গুড্ডু ছাত্ৰী নিবাসলৈ আহে। ইয়াতে ক্ষুণ্ণ হৈ কৃষ্ণা ছাত্ৰী নিবাসৰ স্বত্বাধিকাৰী আৰু তেওঁৰ পত্নীয়ে মঙলবাৰে বিয়লি অতৰ্কিতে গুড্ডু ছাত্ৰী নিবাসত প্ৰৱেশ কৰি ছাত্ৰী গৰাকীক শাৰিৰীক ভাৱে অপদস্থ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
লগতে পঢ়ক: SI কাণ্ড : নলবাৰীত চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনিষ্ঠ ব্যক্তি আটক