অসম

assam

ETV Bharat / state

ভোট গণনা প্ৰস্তুতি সম্পন্ন নগাওঁ জিলা প্ৰশাসনৰ

ভোটগণনা প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনে তিনি তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।

ভোট গণনাৰ বাবে প্ৰস্তুতি সম্পন্ন নগাওঁ জিলা প্ৰশাসনৰ

By

Published : May 21, 2019, 8:59 PM IST

নগাঁও,21 মে’ : 10 নং নগাঁও আৰু 11 নং কলিয়াবৰ লোকসভা সমষ্টিৰ নগাঁও নিৰ্বাচনী জিলাৰ অধীনস্থ সমষ্টিকেইটাৰ ভোট গণনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে । 23 মে’ পুৱা 8.30 বজাৰ পৰা ইভি এম ৰ ভোট গণনা আৰম্ভ হ’ব । মঙলবাৰে বিয়লি জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা সদৰি কৰিলে নগাঁও জিলা উপায়ুক্ত তথা নগাঁও লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া যাদৱ শইকীয়াই । নগাঁও সংসদীয় সমষ্টিত এইবাৰ ভি ভি পেট যুক্ত ই ভি এমৰ জৰিয়তে 14,90,212 টা ভোটদান হোৱাৰ লগতে এইপৰ্যন্ত 3,890 টা প’ষ্টেল বেলট পোৱা গৈছে । কলিয়াবৰ সংসদীয় সমষ্টিত মুঠ 14,21,500 টা ভোট হোৱাৰ লগতে 3,729 টা প’ষ্টেল ভোটদান হৈছে । পুৱতি নিশা পৰ্যন্ত ভোটগণনা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে উপায়ুক্তই । নগাঁও লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া হিচাপে জিলা উপায়ুক্ত যাদৱ শইকীয়া আৰু কলিয়াবৰ ৰিটাৰ্ণিং বিষয়া হিচাপে থাকিব নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞা । সামগ্ৰিক ভোট গণনা প্ৰক্ৰিয়া তদাৰক কৰাৰ বাবে নগাঁও সংসদীয় সমষ্টিত গোপাল মিনা আৰু কলিয়াবৰ সমষ্টিৰ বাবে এন কে পয়াম পৰ্যবেক্ষক হিচাপে থাকিব । ভোটগণনা প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনে তিনি তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । ভোট গণনা কেন্দ্ৰত নিষিদ্ধ কৰিছে মোবাইল ফোন । লগতে বাহন পাৰ্কিং আৰু চলাচলৰ বাবেও নতুন নিৰ্দেশনা জাৰি কৰা বুলি জনায় অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজি কলিতাই ।

ভোট গণনা প্ৰস্তুতি সম্পন্ন নগাওঁ জিলা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details