নগাঁও, 24 ছেপ্তেম্বৰ: সোমবাৰে নগাঁও জিলা বঢ়মপুৰৰ কঠিয়াতলী সমবায় সমিতিত সুলভ মূল্যৰ চাউলক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ সুলভ মূল্যৰ চাউল বিচাৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ ঘটনা অনুসৰি প্ৰায় দুটা মাহ ধৰি সমবায় খনৰ পৰা চাউল লাভ কৰা নাই হিতাধিকাৰী সকলে যাৰ ফলত সমবায় সমিতিখনৰ বিৰূদ্ধে প্ৰতিবাদত নামিব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজ ৷
বঢ়মপুৰৰ কঠিয়াতলী সমবায় সমিতিত উত্তেজনা
সুলভ মূল্যৰ চাউল বিচাৰি ৰাইজৰ ব্যাপক প্ৰতিবাদ ৷ বিগত দুটা মাহ ধৰি সমবায় খনৰ পৰা চাউল লাভ কৰা নাই হিতাধিকাৰী সকলে ৷
বঢ়মপুৰৰ কঠিয়াতলী সমবায় সমিতিত উত্তেজনা
ইফালে প্ৰতিবাদী ৰাইজে সমবায়ৰ সভাপতি আশ্ৰাফুল ইছলামক ঘেৰাও কৰাৰ ফলত হিতাধিকাৰীসকল উত্তেজিত হৈ পৰে,লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-চি আৰ পি এফ বাহিনী মোতায়েন কৰা হয় ৷ ৰাইজৰ অভিযোগ অনুসৰি কোনোধৰণৰ প্ৰচাৰ নকৰাকৈ সোমবাৰে সভাপতি গৰাকীয়ে গোপনে সভা অনুষ্ঠিত কৰিব বিচাৰিছিল ৷ ইফালে আৰক্ষীৰ লগত হোৱা হতাহতিত এগৰাকী প্ৰতিবাদী মহিলা আহত প্ৰাপ্ত হয় ৷ শেষত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় ৷