অসম

assam

ETV Bharat / state

পুনৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ চিমনিৰে ওলাব উৎপাদনৰ ধোঁৱা! - Cachar paper pulp

নিৰাশাৰ মাজতো আশাৰ বতৰা নগাঁও কাগজ কললৈ আৰু কাছাৰ কাগজ কললৈ ৷ কল দুটা পুনৰুজ্জীৱীতকৰণৰ বাবে এইবাৰ আগবাঢ়ি আহিছে কলটোৰ একাংশ যোগানকাৰী প্ৰতিষ্ঠান।

পুনৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ চিমনিৰে ওলাব উৎপাদনৰ ধোঁৱা!

By

Published : Sep 18, 2019, 5:15 AM IST

নগাঁও, 18 ছেপ্টেম্বৰঃ মৃতপ্ৰায় নগাঁও আৰু কাছাৰ কাগজ কলৰ চিমনিৰে পুনৰ ধোৱা ওলাব পাৰে পুনৰুত্থানৰ ধোঁৱা ! নিৰাশাৰ মাজতো আশাৰ সু খবৰ কঢ়িয়াই আনিছে একাংশ যোগানকাৰী প্ৰতিষ্ঠানে। নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ বাবে সোমবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় একাংশ যোগানকাৰী প্ৰতিষ্ঠান ৷ এনচিএএলটিয়ে দেউলিয়া ঘোষণা কৰাৰ পিছৰেই পৰা দীৰ্ঘদিন ধৰি উৎপাদন বন্ধ আছে নগাওঁ আৰু পাঁচগ্ৰামৰ কাছাৰ কাগজ কলৰ। শেহতীয়াকৈ এনচিএএলটিৰ পৰা অহা প্ৰস্তাৱ বিবেচনা কৰি কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিবলৈ সোমবাৰে একাংশ যোগানকাৰীৰ প্ৰতিনিধি দল বৈঠকত মিলিত হ'ল । উল্লেখ্য যে একাংশ যোগানকাৰীয়ে কলটোত যোগান ধৰা সামগ্ৰীৰ বিনিময়ত নিগমৰ পৰা পাবলগীয়া আছে কেইবাশ কোটি টকা ৷ ইয়াৰে এটা যোগানকাৰী প্ৰতিষ্ঠানে নিজৰ প্ৰাপ্য ধন বিচাৰি এনচিএএলটিত গোচৰ তৰিছিল ৷ শেহতীয়াকৈ এনচিএএলটি আইনৰ ২৩০ নং ধাৰা ২০১৩ৰ অধীনত প্ৰাপ্যৰ পৰা বঞ্চিত যোগানকাৰী প্ৰতিষ্ঠানে কল দুটা চলাবলৈ আগ্ৰহি নেকি বুলি এক প্ৰস্তাৱ আগবঢ়াইছিল ৷ সেই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই এইবাৰ আগবাঢ়ি আহিছে পূৰ্বৰ একাংশ যোগানকাৰী ৷ হয়তো সকলো ঠিকে ঠাকে মিলিলে পুনৰ ধোৱা ওলাব কাগজ কলৰ চিমনিৰে। উল্লেখ্য যে, কল দুটা বন্ধ হৈ পৰাৰ বাবে ৩২ মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে কৰ্মচাৰী সকল ৷ ইতিমধ্যে ধনৰ অভাৱত কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ পথ বাচি লোৱাৰ লগতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত মৃত্য হৈছে প্ৰায় অৰ্ধশতাধিক কৰ্মচাৰীৰ ৷

পুনৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ চিমনিৰে ওলাব উৎপাদনৰ ধোঁৱা!

ABOUT THE AUTHOR

...view details