কলিয়াবৰ, 11 অক্টোবৰ:কলিয়াবৰৰ গ্ৰাম্য অৰ্থনীতিত নৱ জাগৰণ সৃষ্টি কৰা ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে সোমবাৰৰ পৰা পালন কৰে শতবর্ষ সমাৰোহ (Bhalaguri Satra Samabai Samiti) । ১৯২০ চনৰ প্ৰাক্ স্বাধীনতাৰ সময়ত স্থাপিত কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰে শতবর্ষ সমাৰোহ (Centenary of Bhalaguri Satra Samabai Samiti) ৷
এই সমাৰোহৰ শেষৰ দিনা কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবৰ্ষ অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লোছা উপস্থিত থাকি গ্ৰাম্য অৰ্থনীতিত নতুন পদক্ষেপৰে সমবায় বেংকক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ প্ৰকল্প ল'ব বুলি মন্তব্য কৰে (Minister Nandita Gorlosa at Kaliabor) ৷ মঙলবাৰে অনুষ্ঠিত হোৱা এই কলিয়াবৰৰ এশ গৰাকী বিশিষ্ট ব্যক্তিয়ে এশখন পতাকা উত্তোলন কৰি অনুষ্ঠানটোৰ কাৰ্যসূচীৰ পাতনি মেলে ।
মাত্ৰ ৬৭০ টকা মূলধনৰে কলিয়াবৰৰ গ্ৰাম্য অৰ্থনীতিত নৱ জাগৰণ সৃষ্টি কৰা ভলাগুৰি সত্ৰ সমবায় সমিতি বৰ্তমান ৬ কোটিৰো অধিক টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী ৷ অনুষ্ঠানৰ শেষৰ দিনা সমবায় খণ্ডলৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানটোত প্ৰাক্তন উদ্যোগ মন্ত্ৰী, সাহিত্যিক, শিক্ষাবিদ গুনীন হাজৰিকাই ‘শতদল’ শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷