নগাঁও,22 জানুৱাৰী : শুকুৰবাৰে নগাঁৱত উপস্থিত হৈ কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰজোঁট সন্দৰ্ভত মন্তব্য কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁটবন্ধনে অগপ-বিজেপিকহে সহায় কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
তেওঁ কয় যে, এআইইউডিএফৰ সৈতে কংগ্ৰেছে কৰা মিত্ৰতাই অগপ-বিজেপিক অধিক লাভাম্বিত কৰিব ৷ পূৰ্বেও দুয়োটা দলে একত্ৰিত হৈ অগপ-বিজেপিক প্ৰতিহত কৰিব নোৱাৰিলে ৷
অগপ-বিজেপি শক্তিশালী বন্ধু হিচাপেই থাকিব বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত নিজৰ নিজৰ দখলত থকা সমষ্টিত অগপ-বিজেপিয়ে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি জানিবলৈ দিয়ে অগপৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে । অৱশ্যে এই সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলিও সংবাদ মাধ্যমক অৱগত কৰে মন্ত্ৰী কেশৱ মহন্তই ।
ইফালে নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হ’লে অগপ-বিজেপিক কোনো ক্ষতি কৰিব নোৱাৰে বুলিও মন্ত্ৰী কেশৱ মহন্তই মন্তব্য কৰে ।
লগতে পঢ়ক :নগাঁৱত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন