অসম

assam

ETV Bharat / state

লাওখোৱাত খহনীয়া ৰোধৰ বাবে 30 কোটি টকীয়া আঁচনি ঘোষণা কেশৱ মহন্তৰ

ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ লৈ লাওখোৱাৰ মূল মাথাউৰি সুৰক্ষিত কৰাৰ লগতে বান গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে সৰ্বমুঠ ৩০কোটি টকাৰ তিনিখনকৈ নতুন আঁচনি ঘোষণা কৰে।

By

Published : Jul 18, 2019, 12:22 PM IST

মন্ত্ৰী কেশৱ মহন্ত

নগাঁও,18 জুলাইঃ চামগুৰিৰ লাওখোৱাত বুধবাৰে বিয়লি উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। লাওখোৱাত উপস্থিত হৈ শান্তি বজাৰ আৰু ১নং ভুৰবন্ধাৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ লৈ লাওখোৱাৰ মূল মাথাউৰি সুৰক্ষিত কৰাৰ লগতে বান গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে সৰ্বমুঠ ৩০কোটি টকাৰ তিনিখনকৈ নতুন আঁচনি ঘোষণা কৰে।

মন্ত্ৰী কেশৱ মহন্ত

চামগুৰিৰ লাওখোৱাৰ বানপীড়িত অঞ্চলত বুধবাৰে নিশা পৰ্যন্ত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰে । ইয়াৰোপৰি বুঢ়াচাপৰি অভয়াৰণ্যসহ শোণিতপুৰ জিলাৰ দক্ষিণ পাৰত অৱস্থিত ধনীয়া গাঁৱৰো বান গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি নিকটৱৰ্তী শোণিতপুৰ জিলাৰ দক্ষিণ পাৰৰ বান গৰাখহনীয়াৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পূৰ্বৰে পৰা বন বিভাগে বিধিপথালি দি আহিছিল বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে৷

উল্লেখ্য যে বিগত 7 দিন ধৰি চামগুৰিৰ লাওখোৱাৰ বিভিন্ন অঞ্চলত বানে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰি আহিছিল ৷

ABOUT THE AUTHOR

...view details