অসম

assam

ETV Bharat / state

নগাঁৱৰ কচুৱাৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে ৰাজপথত কচুৱাবাসী

২৪ ঘণ্টাৰ ভিতৰত দলৱদ্ধ ধৰ্ষণ কৰা সাতটা নৰপিশাচক গ্ৰেপ্তাৰ কৰিবলৈ দাবী কচুৱাবাসী

By

Published : Mar 5, 2019, 7:26 PM IST

EDFE

নগাঁও,৫ মাৰ্চ : দেওবাৰে সংঘটিত হোৱা দলবদ্ধ বলাৎকাৰৰ বিৰুদ্ধে একত্ৰিত হয় কচুৱাবাসী ।
এগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত যুৱতীক দলৱদ্ধ ধৰ্ষণ কৰা সাতটা নৰপিশাচক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰিবলৈ দাবী জনায় । অন্যথা কচুৱা গাঁৱৰ পৰা অভিযুক্ত পৰিয়ালৰ ঘৰ-বাৰী লণ্ড ভণ্ড কৰি জ্বলাই খেদি পঠিওৱাৰ কথা আৰক্ষী প্ৰশাসনক জনাই গাঁওবাসীয়ে ।

উল্লেখ্য যে দলবদ্ধ ধৰ্ষনৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিল স্থানীয় ৰাইজ ৷ নগাঁৱৰ কচুৱাৰ হালধীবাৰীত সংঘটিত হোৱা জঘন্য ঘটনাক তীব্ৰ গৰিহণা স্থানীয়লোকৰ ৷

VIDEO
ঘটনাত জড়িত থকাৰ সন্দেহত ইতিমধ্যে আৰক্ষীয়ে ফেৰীৱালা সহ তিনিজন লোকক সোধপোছৰ বাবে আটক কৰিছে যদিও এই পৰ্যন্ত প্ৰকৃত দোষীক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে ৷

গাঁৱত সামগ্ৰী বিক্ৰী কৰিব যোৱা এটা ফেৰীৱালাই অতি কৌশলেৰে ঘৰৰ পৰা মানসিক ভাৱে বিকাৰ গ্ৰস্ত যুৱতী গৰাকীক মাতি আনি দেওবাৰে ওৰে নিশা সাতটা নৰপিশাচক লগত লৈ পথাৰৰ মাজত দলবদ্ধ বলাৎকাৰ কৰিছিল যুৱতী গৰাকীক ।

ABOUT THE AUTHOR

...view details