অসম

assam

ETV Bharat / state

নগাঁৱত ইংৰাজী ভাষাত ৰচিত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ উন্মোচন

উন্মোচন কৰা হ'ল পাৰ্থজিৎ বৰুৱা ৰচিত Jyotiprasad, Joymoti, Indramalati and beyond, History of Assamese cinema শীৰ্ষক গ্ৰন্থখন । বুধবাৰে নগাঁও প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা সত্যশ্ৰী আগৰৱালা দাসে ।

By

Published : Dec 31, 2021, 6:22 PM IST

Jyotiprasad, Joymoti, Indramalati and beyond, History of Assamese cinema released in Nagaon
নগাঁৱত ইংৰাজী ভাষাত ৰচিত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ উন্মোচন

চামগুৰি, ৩১ ডিচেম্বৰ: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু শিল্পকৰ্মৰ বহু নজনা অধ্যায়ৰ বিষয়ে অধ্যয়ন কৰি সেই বিষয়ে গ্ৰন্থৰ পাতত লিপিবদ্ধ কৰি পাঠকক সমল যোগান ধৰাৰ প্ৰয়াসেৰে ইংৰাজী ভাষাত এখন গ্ৰন্থ ৰচনা কৰিছে বিশিষ্ট চলচ্চিত্ৰ সমালোচক তথা তথ্যচিত্র পৰিচালক পাৰ্থজিৎ বৰুৱাই । Jyotiprasad, Joymoti, Indramalati and beyond, History of Assamese cinema শীৰ্ষক গ্ৰন্থখন ৰচনা কৰি উলিয়াইছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত বিশিষ্ট চলচ্চিত্ৰ সমালোচকগৰাকীয়ে । বুধবাৰে নগাঁও প্ৰেছ ক্লাবত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই গ্ৰন্থখন উন্মোচন কৰা হয়(Parthajit Baruah's book released in Nagaon) ।

গ্ৰন্থখন উন্মোচন কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা সত্যশ্ৰী আগৰৱালা দাসে । গ্ৰন্থখন উন্মোচন কৰি সত্যশ্ৰী আগৰৱালা দাসে চলচ্চিত্ৰ সমালোচক পাৰ্থজিৎ বৰুৱাৰ এনে প্ৰচেষ্টাৰ শলাগ লৈ কয় যে, পাৰ্থজিৎ বৰুৱা এজন নিষ্ঠাবান জ্যোতি প্ৰেমী । পাৰ্থজিৎ বৰুৱালৈ তেওঁৰ আশীৰ্বাদ আছে বুলিও কয় । গ্ৰন্থখন পঢ়াৰ পাচতহে গ্ৰন্থখনৰ বিষয়ে মন্তব্য আগবঢ়াব বুলি সত্যশ্ৰী আগৰৱালা দাসে জনায় ।

গ্ৰন্থ উন্মোচনী সভাখনত আলোচক হিচাপে অংশগ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ সুব্ৰত জ্যোতি নেওগে ভাষণ প্ৰসংগত কয় যে, এয়া অসমীয়া জাতিৰ বাবে কৰা গৌৰৱৰ আৰু মননশীল কাম । এই গ্ৰন্থখনে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন তথা কৰ্মৰাজিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নতুন ৰূপত দাঙি ধৰাত সহায় হ'ব বুলি তেওঁ কয় । গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাতি ৰূপমন্ত দাসৰ লগতে নগাঁৱৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Man elephant conflict: নগাঁৱৰ মধ্য-ৰংমিলীত হস্তী পূজাৰ আয়োজন

ABOUT THE AUTHOR

...view details