অসম

assam

By

Published : Jun 5, 2021, 3:01 PM IST

ETV Bharat / state

6 বছৰে সম্পূৰ্ণ নহ'ল টীয়কৰ ৰজাবাৰী পশু চিকিৎসালয় ভৱন

6 বছৰে সম্পূৰ্ণ হৈ নুঠিল টীয়কৰ ৰজাবাৰীস্থিত পশু চিকিৎসালয় (Veterinary hospital) ভৱনটি ৷ ২০১৪ চনতে আধাৰশিলা স্থাপন কৰি কোটি টকীয়া প্ৰকল্পৰ দায়িত্ব সামৰিলে বিভাগীয় কতৃপক্ষই ৷ যাক লৈ ক্ষোভিত এতিয়া আঞ্চলবাসী ৷

ছবছৰে সম্পূৰ্ণ নহ'ল টীয়কৰ ৰজাবাৰী পশু চিকিৎসালয় ভৱন
ছবছৰে সম্পূৰ্ণ নহ'ল টীয়কৰ ৰজাবাৰী পশু চিকিৎসালয় ভৱন

টীয়ক, 5 জুন :উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তেই পোহৰলৈ আহিছে উন্নয়নৰ ফোপলা স্বৰূপৰ ন ন তথ্য ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজে উদঙাইছে এতিয়া ৰাজ্য চৰকাৰৰ উন্নয়নৰ নমুনা ৷ এইবাৰ ৰাজ্য চৰকাৰৰ ফোপোলা ছবি পৰিস্ফুত হৈছে টীয়কৰ ৰজাবাৰীত ৷

টীয়ক ৰজাবাৰীস্থিত পশু চিকিৎসালয় (Veterinary hospital) ভৱনটি 6 বছৰে সম্পূৰ্ণ হৈ নুঠিল ৷ ২০১৪ চনতে আধাৰশিলা স্থাপন কৰি দায়িত্ব সামৰিলে বিভাগীয় কতৃপক্ষই ৷ আজিকোপটি পৰিত্যক্ত হৈ পৰি আছে কোটি টকীয়া প্ৰকল্পটো ৷

ছবছৰে সম্পূৰ্ণ নহ'ল টীয়কৰ ৰজাবাৰী পশু চিকিৎসালয় ভৱন

উল্লেখ্য যে, বৃহত্তৰ জাঁজীমুখৰ লগতে পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ অধীনৰ বানাক্ৰান্ত অঞ্চলৰ এইখন একমাত্ৰ পশু চিকিৎসালয় (Veterinary hospital) । পূৰ্ৱৰ গৃহটো জৰাজীৰ্ণ হোৱাৰ বাবে নতুনকৈ ডাক্তৰ, কৰ্মচাৰী থাকিব পৰাকৈ প্ৰায় ৬৫ লাখ টকাৰে নিৰ্মাণ কৰা হৈছিল এই গৃহ কেইটা । প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পাচতো 6 বছৰে জৰাজীৰ্ণ হৈ পৰি আছে গৃহটো ৷ বৰ্তমান জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে কোটি টকীয়া এই প্ৰকল্পটো ।

ইফালে যি উদ্দেশ্যেৰে চৰকাৰে নিৰ্মাণ কৰিছিল ৰজাবাৰীস্থিত এই পশু চিকিৎসালয় (Veterinary hospital) ভৱনটি, তাক অতি সোনকালে কাৰ্যক্ষম কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ যি এই বৃহত্তৰ অঞ্চলটোলৈ আনিব পাৰে আশাৰ বতৰা ৷

লগতে পঢ়ক:নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা

ABOUT THE AUTHOR

...view details