কলিয়াবৰ,27 আগষ্ট: বৃহস্পতিবাৰে মহানগৰীৰ আমবাৰীস্থিত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ 11 সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন ৷ দলীয় সদস্যৰ সৰ্বসন্মতিক্ৰমে পুনৰবাৰ অগপৰ সভাপতিৰ আসনত অধিষ্ঠিত হয় মন্ত্ৰী অতুল বৰা ৷ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো অনুষ্ঠিত হয় অগপৰ এই বৈঠকখন । বৈঠকখন অনুষ্ঠিত হোৱাৰ পূৰ্বে কামৰূপ মহানগৰ ছেচন আদালতে জাৰি কৰিছিল উক্ত নিষেধাজ্ঞা । অগপ দলৰ উক্ত সাধাৰণ সভাখনক কেন্দ্ৰ কৰি অসন্তুষ্ট হৈছে দলৰে একাংশ জ্যেষ্ঠ নেতা-কৰ্মী ৷
উল্লেখ্য যে, উক্ত বৈঠক সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰাক্তন মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা গুণীন হাজৰিকাই ৷ আদালতৰ নিষেধাজ্ঞা অমান্য কৰি অসম গণ পৰিষদৰ নতুন বিষয়-ববীয়া নিৰ্বাচন কৰা কাৰ্যক তীব্ৰভাৱে সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ দলটোৱে প্ৰাক্তন নেতা-কৰ্মীক সম্পূৰ্ণ উপেক্ষা কৰি গ্ৰহণ কৰা জাতীয়তাবাদ ধ্বংসকাৰী সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে হাজৰিকাই ৷