নগাঁও, ২ জুন: মঙলবাৰে বিয়লি নগাঁৱৰ কন্দলিত এখন সজাগতা সভা অনুষ্ঠিত কৰে বন বিভাগে । নগাঁও জিলাৰ বঢ়মপুৰৰ বামুণী পাহাৰত যোৱা ১৩ মে'ত ১৮ টাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু হোৱাৰ ১৫ দিন উকলি যোৱাৰ পিছত অৱশেষত সজাগতা সভা অনুষ্ঠিত কৰিবলৈ সময় পালে বন বিভাগে ।
বন ধ্বংস, হাতী-মানৱ সংঘাত ৰোধ কৰা, বনানীকৰণ আদি সমস্যা কিদৰে সমাধান কৰিব পাৰি তথা বামুণী পাহাৰ কেনেদৰে পূৰ্বৰ দৰে সেউজীয়া কৰি তুলিব পাৰি সেই বিষয়ে আলোচনা কৰা হয় ।
বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীও সজাগতা সভাখনত উপস্থিত থাকে আৰু সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায় । আনহাতে, পাহাৰ তথা দাঁতিকাষৰীয়া অঞ্চলত বনহস্তীৰ বাবে ঔ টেঙা, নেপিয়াৰ ঘাঁহ, কলগছ আদি ৰোপণ কৰাৰ হ’ব বুলি বন বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ।