অসম

assam

পুৰণিগুদামত ভয়ংকৰ অগ্নিকাণ্ড: জাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি

By

Published : Dec 6, 2020, 9:58 PM IST

নগাঁও পুৰণিগুদামৰ সুঁতাৰ মুছলমান গাঁৱৰ নিবাসী ঈমতাজ আলী নামৰ এজন লোকৰ বাহগৃহত বিয়লি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ এই ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকে সদৰি কৰা অনুসৰি বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত উক্ত অগ্নিকাণ্ডটো ৷

fire-in-nagaon-puronigudam
পুৰণিগুদামত ভয়ংকৰ অগ্নিকাণ্ড

চামগুৰি, 6 ডিচেম্বৰঃ নগাঁও পুৰণিগুদামৰ সুঁতাৰ মুছলমান গাঁৱত দেওবাৰে বিয়লি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডত নিমিষতে ভষ্মীভূত হয় ঈমতাজ আলী নামৰ এজন লোকৰ বাহগৃহ ৷

এই ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকে সদৰি কৰা অনুসৰি বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত উক্ত অগ্নিকাণ্ডৰ সুত্ৰপাত হয় ৷ ইয়াৰ পিচতে পাকঘৰৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ডই ভয়াবহ ৰূপ ধাৰণ কৰে ৷

পুৰণিগুদামত ভয়ংকৰ অগ্নিকাণ্ড: জাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি

অগ্নিকাণ্ড ইমানে ভয়াবহ ৰূপ লয় যে, ঈমতাজ আলীৰ ঘৰৰ সমীপৰ মুকেশ আলী নামৰ এজনৰ বাসগৃহলৈও জুই বিয়পি পৰে ৷ অৱশেষ স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ীয়ে নিৰ্বাপিত কৰে দুয়ো ঘৰৰ জুই ।

ইফালে, অগ্নিকাণ্ডত ঈমতাজ আলীৰ পৰিয়ালৰ কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুই জাহ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত ঘৰত নাছিল পৰিয়ালৰ এজনো লোক ৷

লগেত পঢ়কঃকাৰ্বি আংলংত ১১ টা পৰিয়ালে যোগ দিলে বিজেপিত

ABOUT THE AUTHOR

...view details