অসম

assam

By

Published : Mar 16, 2021, 11:48 AM IST

ETV Bharat / state

কলিয়াবৰত অকলশৰীয়াকৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী

পঞ্চায়ত নিৰ্বাচনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা ভাস্কৰ শৰ্মাই দ্বিতীয় বাৰলৈ বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । কলিয়াবৰত ঔদ‍্যোগীকৰণৰ জৰিয়তে যুৱ-প্ৰজন্মক সংস্থাপনত গুৰুত্ব দিয়াৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতি লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে ।

As_KLBR_election-campaign-of-independent-candidate_Vis_ASC10014
কলিয়াবৰত অকলশৰীয়াকৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী

কলিয়াবৰ, 16 মাৰ্চ:কলিয়াবৰত কেইবাটাও নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে অকলশাৰীয়াকৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে ৷ দেশৰ হৈ কাম কৰাৰ দুৰ্বাৰ হেঁপাহ লৈ তেৰ বছৰীয়া ৰাজনৈতিক জীৱনত চতুৰ্থবাৰলৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ভাস্কৰ শৰ্মা ৷

পঞ্চায়ত নিৰ্বাচনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা ভাস্কৰ শৰ্মাই দ্বিতীয় বাৰলৈ বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । কলিয়াবৰত ঔদ‍্যোগীকৰণৰ জৰিয়তে যুৱ-প্ৰজন্মক সংস্থাপনত গুৰুত্ব দিয়াৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰতিশ্ৰুতি লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে। ২০০৮ চনতেই পূৱ-পূৱথৰীয়া গাঁও পঞ্চয়তৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰা ভাস্কৰ শৰ্মাই কলিয়াবৰ তৎকালীন উন্নয়নৰ লক্ষ‍্য লৈ এইবেলি বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে ঠিয় দিছে ।

কলিয়াবৰত অকলশৰীয়াকৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী

ইয়াৰ পূৰ্বেও ২০১৬ চনত কলিয়াবৰ বিধানসভা আৰু ২০১৯ চনত কলিয়াবৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰতিদ্বন্দ্বতা আগবঢ়াইছিল ভাস্কৰ শৰ্মাই। পূৰ্বৰ নিৰ্বাচনসমূহত সফলতাৰ মুখ নেদেখিলেও ৰাইজৰ সেৱা কৰাৰ মনটোৰ কাৰণেই পঞ্চায়ত, বিধানসভা, লোকসভা এই আটাইকেইটা নিৰ্বাচনতে প্ৰতিদ্বন্দিতা কৰিছে ।

কৃষকসকলক উন্নত প্ৰযুক্তিবিদ‍্যাৰ জৰিয়তে কৃষি সমস‍্যাৰ সমাধান তথা শিক্ষা আৰু ক্ৰীড়া জগতৰ উন্নয়ন সাধনৰ প্ৰতিশ্ৰুতিৰে কলিয়াবৰ ভোটাৰ ৰাইজৰ কাষ চাপিছে যুৱ-প্ৰজন্মৰ প্ৰতিনিধি ভাস্কৰ শৰ্মাই । বিশেষকৈ কলিয়াবৰত বিনামূলীয়া বাছসেৱা প্ৰৱৰ্তনৰ পোষকতা কৰা ভাস্কৰ শৰ্মাই ক্ষুদ্ৰ ব‍্যৱসায়ী আৰু চাহ বাগিচাৰ বিভিন্ন সমস‍্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে।

নিজৰ ফালৰ পৰা সকলো প্ৰচেষ্টা অব‍্যাহত ৰখা ভাস্কৰ শৰ্মাই ৰাইজৰ সহযোগ পাব বুলি আত্মবিশ্বাসী । সমষ্টিটোত অগপ দলৰ কেশৱ মহন্ত, কংগ্ৰেছ দলৰ প্ৰশান্ত কুমাৰ শইকীয়াৰ দৰে শক্তিশালী প্ৰাৰ্থী থাকিলেও ভাস্কৰ শৰ্মাই এই নিৰ্বাচনত প্ৰায় পঞ্চলিশ হাজাৰ ভোট লাভ কৰি বিজয়ী হ'ব বুলি আশাবাদী ।

লগতে পঢ়ক-বিমল বৰাক পুনৰ বিধায়ক হিচাপে বিচাৰি টিংখাঙত ৰাইজৰ প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details