অসম

assam

ETV Bharat / state

বাওনা হৈয়ো চন্দ্ৰলৈ হাত মেলি সফল হৈছে কলিয়াবৰৰ ৰকবুল

চন্দ্ৰলৈ হাত মেলি সফল হৈছে বাওনা ৰকবুল ৷ শাৰীৰিক প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান জনাই সফলতাৰ বাটত বাট বুলিছে ৰকবুলে ৷ 4 ফুট উচ্চতাসম্পন্ন যুৱকজন হৈ পৰিছে আদৰ্শ (Dwarf Motor Mechanic at Kaliabor)৷

By

Published : Sep 2, 2022, 5:03 PM IST

Dwarf Motor Mechanic at Kaliabor
বাওনা হৈয়ো চন্দ্ৰলৈ হাত মেলি সফল হৈছে কলিয়াবৰৰ ৰকবুল

কলিয়াবৰ, 2 ছেপ্তেম্বৰ: ‘বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায়’- পুৰণি দিনৰে পৰা এইষাৰ বাক্যৰ জৰিয়তে বহুতৰ কৰ্মস্পৃহাক বাধা প্ৰদান কৰি অহা হৈছে ৷ প্ৰৱল ইচ্ছাশক্তি থাকিও বহু লোক থমকি ৰয় শাৰীৰিক প্ৰতিবন্ধকতাৰ দোহাই দি ৷ কিন্তু কলিয়াবৰৰ 4 ফুট উচ্চতাসম্পন্ন ৰকবুলে এনে কাম কৰি দেখুৱাইছে, যি কাম স্বাভাৱিক লোকৰ বাবেও হ’ব পাৰে আদৰ্শ (Dwarf Motor Mechanic at Kaliabor)৷

শাৰীৰিক প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান জনাই পোনপ্ৰথমে দৰ্জীৰ কাম কৰিছিল যদিও বিগত 6 টা বছৰে বাহন মেৰামতিৰ কাম কাম কৰি আহিছে ৰকবুল আলিয়ে ৷ শাৰিৰীক ক্ষমতাই দিয়া বাধাখিনি মানসিক শক্তিৰ জৰিয়তে আঁতৰ কৰিব জানে ৰকবুলে ৷ এই ক্ষেত্ৰত ৰকবুল আলিয়ে আমাক কয় যে উচ্চতা কম হোৱাৰ বাবে কামত অসুবিধা হ’লে বুদ্ধিৰে কামসমূহ সম্পন্ন কৰি আহিছে ৷

বাওনা হৈয়ো চন্দ্ৰলৈ হাত মেলি সফল হৈছে কলিয়াবৰৰ ৰকবুল

চাৰি ফুট উচ্চতাৰ প্ৰৱল ইচ্ছাশক্তি সম্পন্ন 30 বছৰীয়া যুৱকজন আত্মপ্ৰতিষ্ঠাৰ কঠিন দৌৰত বাট বুলিবলৈ সক্ষম হৈছে । উচ্চতা চাৰি ফুট হ'লেও মকবুলে কৰি দেখুৱাইছে আন বহুতে নোৱাৰা কাম ৷ কুঁৱৰীটোলৰ এটা বাহন মেৰামতি কৰা প্ৰতিষ্ঠানত মেকানিক হিচাপে কৰ্মৰত হৈ দক্ষতাৰ প্ৰমাণ দিছে । ইখনৰ পাছত সিখন চাৰি চকীয়া বাহনৰ যিকোনো অসুবিধা নিমিষতে দূৰ কৰি দিছে দক্ষতা-পাৰদৰ্শিতাৰ পৰিচয় । চাৰিচকীয়া বাহনৰ মেকানিক হিচাবে নিয়োজিত হৈয়েই ৰকবুলে চলাই গৈছে পৰিয়াল (Kaliabor dwarf youth story)৷

ৰকবুলক লৈ প্ৰতিষ্ঠানটোৰ গৰাকীয়ো যথেষ্ট সুখী । কিছু ব্যক্তিয়ে ৰকবুলক উচ্চতা কম হোৱাৰ বাবে বিভিন্ন সময়ত উপলুঙা কৰে যদিও সেই তুচ্ছ-তাচ্ছিল্যৰ প্ৰতি গুৰুত্ব নিদি কেৱল নিজৰ কামত মনোনিৱেশ কৰি আহিছে ৰকবুলে ৷ বহু স্বাস্থ্যৱান-কৰ্মঠ যুৱকে শাৰীৰিক শ্ৰমৰ প্ৰতি হেলা কৰি উপাৰ্জনৰ সহজ বাট বিচাৰি ফুৰাৰ সময়তে কলিয়াবৰৰ লাঙী গাঁৱৰ ৰকবুল আলীয়ে দেখুৱাইছে আদৰ্শ (Kaliabor inspirational story)।

লগতে পঢ়ক:সংস্থাপনহীনতাক প্ৰত্যাহ্বান জনাইছে ৰঙিয়াৰ একাংশ পুৰুষ-মহিলাই

ABOUT THE AUTHOR

...view details