অসম

assam

ETV Bharat / state

চামগুৰি আৰক্ষীৰ জালত দুজনকৈ ড্ৰাগছ ব্যৱসায়ী

চামগুৰি আৰক্ষীৰ বৃহৎ সফলতা ৷ বৃহস্পতিবাৰে বিয়লি দুজনকৈ ড্ৰাগছ ব্যৱসায়ীক আটক আৰক্ষীৰ ৷ লগতে আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা 5.81 গ্ৰাম হেৰ’ইন, বাইক আৰু নগদ ধন জব্দ কৰে আৰক্ষীয়ে ৷

drugs-peddler-arrest-in-samagur
চামগুৰিত ড্ৰাগছ ব্যৱসায়ী আটক

By

Published : May 27, 2021, 9:50 PM IST

চামগুৰি,27 মে’ : নগাঁও জিলাৰ চামগুৰিত বৃহস্পতিবাৰে বিয়লি প্ৰায় 2.30 বজাত আটক কৰা হয় দুজনকৈ ড্ৰাগছ ব্যৱসায়ীক ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণ কান্ত দলৈৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দল আৰু ৰাইডাৰ স্কোৱাৰ্ডে আটক কৰে ড্ৰাগছ ব্যৱসায়ী দুজনক ৷

চামগুৰিৰ সাপ্তাহিক বজাৰৰ সমীপৰ আউনিআটী অঞ্চলৰ নিবাসী আব্দুল ৰহমানৰ পুত্ৰ হজৰত বিল্লালৰ বাসগৃহৰ পৰা 5.81 গ্ৰাম হেৰ’ইন, এখন হোণ্ডা ষ্টোনাৰ বাইক আৰু নগদ 7 হাজাৰ 800 টকা জব্দ কৰাৰ লগতে ব্যৱসায়ী দুজনক আটক কৰে আৰক্ষীয়ে ৷

চামগুৰিত ড্ৰাগছসহ নগদ ধন জব্দ

আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে ড্ৰাগছ ব্যৱসায়ী হজৰত বিল্লালৰ পত্নী নাজিমা খাতুন আৰু বাজিয়াগাঁও নিৱাসী বিচু ছেইখৰ পুত্ৰ মইনুল হক । উল্লেখ্য যে, কিছুদিন পূৰ্বে অবৈধ ড্ৰাগছ ব্যৱসায়ৰ অপৰাধত জেল খাটি অহা হজৰত বিল্লাল আৰু তেওঁৰ পৰিয়ালে বৃহত্তৰ চামগুৰি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বিশেষকৈ চামগুৰিৰ দেওবৰীয়া সাপ্তাহিক বজাৰ এলেকাত নিচাযুক্ত দ্ৰব্যৰ এখন বৃহৎ সাম্ৰাজ্য গঢ়ি তুলিছিল ।

লগতে পঢ়ক :নগাঁৱৰ কচুৱাত পুনৰ ড্ৰাগছসহ দুজন আটক

ABOUT THE AUTHOR

...view details