অসম

assam

By

Published : Oct 22, 2022, 12:28 PM IST

Updated : Oct 22, 2022, 12:56 PM IST

ETV Bharat / state

Drugs Paddler Arrested : মৈৰাবাৰীত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মৈৰাবাৰীৰ লেংৰিবৰী গাঁৱৰ পৰা নাচিৰ উদ্দিন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক ৩০ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুনৰ মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলাসহ পাঁচজনকৈ ড্ৰাগছ ব্যৱসায়ীক (6 drugs paddler arrested in Nagaon) ।

Drugs
Drugs

ধিং, ২২ অক্টোবৰ : মৈৰাবাৰী আৰক্ষীৰ জালত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰী (Drugs paddler arrested in Moirabari) । উল্লেখ্য, মৈৰাবাৰী আৰক্ষীয়ে ধাৰাবাহিকভাৱে চলাই আহিছে ড্ৰাগছবিৰোধী অভিযান (Assam Police operation against Drugs smuggler) । মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাব্বিৰ আলীৰ নেতৃত্বত অহৰহ চলি আছে ড্ৰাগছবিৰোধী অভিযান ।

মৈৰাবাৰীত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

আৰক্ষীৰ বিষয়াজনৰ নেতৃত্বত এটাৰ পিছত আন এটা ড্ৰাগছ সৰবৰাহৰ ঘাটি উৎখাত কৰিছে । আটক হৈছে বহু দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী । কিন্তু আৰক্ষী বিষয়াগৰাকীৰ এই তৎপৰতাৰ পিছতো মৈৰাবাৰীত কমা নাই ড্ৰাগছ সৰবৰাহকাৰীৰ দপদপনি । এইবাৰ পুনৰ এগৰাকী মহিলাসহ গ্ৰেপ্তাৰ পাঁচজন ড্ৰাগছ সৰবৰাহকাৰী (6 drugs paddler arrested in Nagaon) ।

মৈৰাবাৰীৰ লেংৰিবৰী গাঁৱৰ পৰা নাচিৰ উদ্দিন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক ৩০ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুনৰ মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলাসহ পাঁচজনকৈ ড্ৰাগছ ব্যৱসায়ীক । এক গোপন সূত্ৰৰ পমখেদি মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাব্বিৰ আলীৰ নেতৃত্বত এটি অভিযানকাৰী দলে নগাঁৱৰ ভোমোৰাগুৰিৰ পৰা মুচিদা বেগম, মফিজ হুছেইন, লাহৰিঘাটৰ বগলীপাৰাৰ ইমৰাদুল হুছেইন, বটদ্ৰবাৰ পাখেলি পথাৰৰ জিয়াউৰ ৰহমান আৰু মৈৰাবাৰীৰ লুৎফুৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ লগতে বহিঃৰাজ্য গাজীপুৰ উত্তৰ প্ৰদেশৰ ফায়াজ হুছেইনকো গ্ৰেপ্তাৰ কৰে ।

গ্ৰেপ্তাৰ কৰা পাঁচজন সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ১৪ টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ, ১৯০.৭৬ গ্ৰাম ড্ৰাগছ, দুখন মটৰ চাইকেল, ডেৰ লাখ নগদ টকা, পাঁচটা মোবাইল ফোন জব্দ কৰে ।

উল্লেখ্য, ড্ৰাগছ তথা নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ কঠোৰ পদক্ষেপৰ পিছতো ৰাজ্যত এতিয়াও অব্যাহত আছে ড্ৰাগছ সৰবৰাহ । ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী (Assam CM Himanta Biswa Sarma) পদত বহাৰ পিছতে অসম আৰক্ষীক এই ক্ষেত্ৰত সক্ৰিয় হ'বলৈ কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

লগতে আৰক্ষীৰ জালত পৰে বহুকেইটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী । আনহাতে, আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষ তথা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় কেইবাটাও কুখ্যাত ড্ৰাগছ ব্যৱসায়ী । তথাপিও যেন ৰাজ্যত কমা নাই ড্ৰাগছৰ সৰবৰাহ ।

লগতে পঢ়ক :Ammunition recovered: ডিফুত বৃহৎবৃ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

Last Updated : Oct 22, 2022, 12:56 PM IST

ABOUT THE AUTHOR

...view details