অসম

assam

ETV Bharat / state

বটদ্ৰৱাত ড্ৰাগছ ব্যৱসায়ী আটক

বৰিবজাৰ আৰক্ষী চকীৰ পৰা মাত্ৰ এশ মিটাৰ দূৰৈত ড্ৰাগছ ব্যৱসায়ী আটক হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ

By

Published : May 7, 2019, 5:59 PM IST

Updated : May 7, 2019, 6:13 PM IST

বটদ্ৰৱাত ড্ৰাগছ ব্যৱসায়ী আটক

বটদ্ৰৱা,৭ মেঃ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বটদ্ৰৱাত আৰক্ষীৰ অভিযান। মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমিতাভ শেনচোৱাৰ নেতৃত্বত মঙলবাৰে বৰিবজাৰত চলোৱা এক অভিযানত ৫ জন ড্ৰাগছ ব্যৱসায়ীসহ ৩০গ্ৰাম ড্ৰাগছ উদ্ধাৰ। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা। গ্ৰেপ্তাৰ হোৱা ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন হৈছে, আকবৰ আলী,আবুল আছেম,ফিৰুজ আনচাৰী,ছফিদুৰ ৰহমান আৰু বাবুল হুছেইন । ইতিমধ্যে আটাইকেইজন ড্ৰাগছ ব্যৱসায়ীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

বটদ্ৰৱাত ড্ৰাগছ ব্যৱসায়ী আটক

উল্লেখযোগ্য যে, বৰিবজাৰ আৰক্ষী চকীৰ পৰা মাত্ৰ এশ মিটাৰ দূৰৈত ড্ৰাগছ ব্যৱসায়ী আটক হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ।

Last Updated : May 7, 2019, 6:13 PM IST

ABOUT THE AUTHOR

...view details