বঢ়মপুৰ, 4 জুন : মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যত তৎপৰ হৈছে আৰক্ষী ৷ প্ৰতিদিনে আৰক্ষীৰ কৱলত পৰিছে ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে ড্ৰাগছ বিৰোধী অভিযান ৷ এই ক্ষেত্ৰত আৰক্ষীৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷
নগাঁও জিলাৰ কামপুৰ মিনাপামত ৰাইজে কৰায়ত্ব কৰিলে ড্ৰাগছ আসক্ত এজন যুৱকক ৷ জানিব পৰা মতে, জাকিৰ হুছেইন নামৰ ড্ৰাগছ আসক্ত যুৱকজনে হবিবুৰ ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ লৈ থাকোতেই ৰাইজৰ চকুত পৰে । ইপিনে ৰাইজৰ চকুত ধুলি মাৰি ড্ৰাগছ সৰবৰাহকাৰী হবিবুৰ ইছলাম পলাই যদিও ড্ৰাগছ আসক্ত যুৱকজনক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷