অসম

assam

By

Published : Jan 24, 2020, 10:19 PM IST

ETV Bharat / state

বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালৰ বিৰুদ্ধে সৰৱ ধিঙৰ এ আই ইউ ডি এফৰ নেতা কৰ্মী

সংবাদ মাধ্যমৰ এক আলোচনা চক্ৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক উদ্দেশ্যি বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে কৰা এক বিতৰ্কিত মন্তব্যত সৰৱ হৈ পৰিছে ধিঙৰ এআইইউডিএফৰ নেতা কৰ্মী ৷

ধিঙৰ এআইইউডিএফৰ নেতা কৰ্মী
ধিঙৰ এআইইউডিএফৰ নেতা কৰ্মী

ধিং, 24 জানুৱাৰীঃবিজেপিৰ মুখপাত্ৰ মমিনুল আৱালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ধিঙত ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে যোৱা মঙলবাৰে, সংবাদ মাধ্যমৰ এক আলোচনা চক্ৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক উদ্দেশ্যি,বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে কৰা এক বিতৰ্কিত মন্তব্যক লৈ সৰৱ হৈ পৰিছে ধিঙৰ এ আই ইউ ডিএফৰ নেতা কৰ্মী ৷ শুকুৰবাৰে ধিঙৰ ডুমডুমীয়াত এ আই ইউ ডিএফৰ নেতা কৰ্মীসকলে মমিনুল আৱালৰ প্ৰতিমূৰ্তিত ৰঁচী লগাই চোঁচৰাই, চেন্দেলেৰে কোবাই ক্ষোভ উজৰাৰ লগতে,মুখপাত্ৰ গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

মমিনুল আৱালৰ বিৰুদ্ধে সৰৱ ধিঙৰ এআইইউডিএফৰ নেতা কৰ্মী

ABOUT THE AUTHOR

...view details