নগাঁও, 25 জুনঃ নগাঁও আৰু ধিং আৰক্ষীৰ সফল অভিযান ৷ মাৰাণাস্ত্ৰ বিক্ৰী কৰিব লওতেই অভিযান চলাই হাতে লোটে ধৰা পেলাই দুজন লোকক ৷ গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে আব্দুল হেকিম আৰু খজল উদ্দিন ৷
মৈৰাবাৰীৰ পাটেকাবড়ীৰ আব্দুল হেকিমে পিষ্টলটো বিক্ৰীৰ বাবে লৈ আহিছিল ধিঙৰ পানবাৰীৰ খজল উদ্দিনৰ নামৰ লোক জনৰ ঘৰলৈ । আৰক্ষীয়ে ঘটনা সম্পৰ্কে পূৰ্বৰে পৰা উমান পায় নিয়োজিত কৰি থোৱা লোকৰ সূত্ৰৰ পম খেদি এই অভিযান চলাই আৰু দুয়োজনকে হাতে-লোটে ধৰা পেলায় ৷