অসম

assam

ETV Bharat / state

বৰ্ণ বৈষম্যৰ বাবে এলাগি হৈছে নেকি ৰাজ্যৰ একাংশ ক্ৰীড়াবিদ !

কিয় এলাগি হৈছে ৰাজ্যৰ একাংশ ক্ৰীড়াবিদ ? কিয় আজিও বঞ্চিত হৈ পৰিছে বিজয় ডেকা ? পিছে কোন এই বিজয় ডেকা ? সবিশেষ চাওক এই প্ৰতিবেদনত...

By

Published : Nov 9, 2021, 6:05 PM IST

Deprived Long Runners of Assam
বৰ্ণ বৈষম্যৰ বাবে এলাগি হৈছে নেকি ৰাজ্যৰ একাংশ ক্ৰীড়াবিদ !

কলিয়াবৰ, 9 নৱেম্বৰ : বৰ্ণ বৈষম্যৰে পৰিচালিত হৈছে নেকি অসমৰ ক্ৰীড়াক্ষেত্ৰ ? একাংশক অপৰ্যাপ্ত সুবিধাৰ বিপৰীতে আন একাংশ হ’ব লগা হৈছে বঞ্চনা ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্য‍ায়ত উজ্বলাৰ পিছতো এলাগি হ’ব লগাত পৰিছে ৰাজ্যৰ একাংশ ক্ৰীড়াবিদ ৷ এই অভিযোগ তৰিছে ৰাজ্যৰ আগশাৰীৰ এজন দৌৰবিদে ৷

হিমা দাস অথবা লাভলিনাৰ দৰে খেলুৱৈয়ে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি দেশ তথা ৰাজ্যলৈ কঢ়িয়াই আনিছে সুনাম ৷ এই সাফল্যৰ পাচতে ৰাজ্য সকলোৰে গৌৰৱ এইসকল ক্ৰীড়াবিদক ৰাজ্য চৰকাৰে সন্মান প্ৰদৰ্শন কৰাৰ লগতে প্ৰদান কৰিছে অপৰ্যাপ্ত সুবিধা ৷ সেয়া তেওঁলোকৰ প্ৰাপ্য ৷

বৰ্ণ বৈষম্যৰ বাবে এলাগি হৈছে নেকি ৰাজ্যৰ একাংশ ক্ৰীড়াবিদ !

কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যত এতিয়াও এনে বহু ক্ৰীড়াবিদ আছে, যি ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰিও চৰকাৰৰ পৰা মাথো হৈছে অৱহেলিত ৷ আজি আমি পৰিচয় কৰি দিব লগীয়া এগৰাকী খেলুৱৈ হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্য‍ায়ত ইথিউপিয়া, জাপানৰ দৰে দেশৰ দৌৰবিদক অতিক্ৰম কৰি প্ৰথম স্থান লাভ কৰা দৌৰবিদ বিজয় ডেকা ৷

দৌৰবিদ বিজয় ডেকা

দীৰ্ঘ দূৰত্বৰ এইগৰাকী দৌৰবিদে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানত আয়োজিত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান লাভ কৰিবলৈ হৈছে সক্ষম ৷ কিন্তু পৰিতাপৰ বিষয় যে, এইগৰাকী দীৰ্ঘ দূৰত্বৰ দৌৰবিদে আজি পৰ্যন্ত নাপালে কোনো সন্মান অথবা চৰকাৰী সুবিধা ৷ দৌৰবিদগৰাকীৰ অভিযোগ, অসমৰ সামগ্ৰীক ক্ৰীড়াক্ষেত্ৰখনত দীৰ্ঘ দূৰত্বৰ দৌৰবিদৰ নাই কোনো গুৰুত্ব ৷

লগতে পঢ়ক :ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে DGP ভাস্কৰ জ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক

চৰকাৰে সদায় মাহী আই দৃষ্টিৰেহে চাই আহিছে দীৰ্ঘ দূৰত্বৰ দৌৰবিদসকলক ৷ এওঁলোকক মাত্ৰ মনোৰঞ্জনৰ সামগ্ৰী ৰূপেহে ব্যৱহাৰ কৰি আহিছে চৰকাৰে ৷ সংবাদমাধ্যমৰ আগত এই ক্ষোভ উজাৰিছে দৌৰবিদ বিজয় ডেকাই ৷

দৌৰবিদগৰাকীয়ে দিয়া ভাষ্য অনুসৰি, ৰাজ্যৰ দীৰ্ঘদূৰত্বৰ দৌৰবিদসকলে প্ৰতিযোগীতাৰ লগত জড়িত সকলো ব্যয় ব্যক্তিগতভাৱে বহন কৰিহে প্ৰতিযোগিতসমূহত অংশগ্ৰহণ কৰি আহিছে ৷ ট্ৰেক ইভেণ্টৰ খেলুৱৈসকলক চৰকাৰে যিধৰণে গুৰুত্ব প্ৰদান কৰি আহিছে, সেইধৰণে গুৰুত্ব নাই এইসকল প্ৰতিযোগীৰ ৷

উল্লেখ্য যে, অসমত দীৰ্ঘ দূৰত্বৰ দৌৰবিদসকলৰ বাবে নাই কোনো উমৈহতীয়া সংস্থা ৷ ৰাজ্য চৰকাৰে কেৱল মনোৰঞ্জনৰ বাবেহে মাৰাথন দৌৰ প্ৰতিযোগীতাৰ আযোজন কৰি সামৰে দায়িত্ব ৷ যি খেলুৱৈসকলৰ বাবে নহয় পৰ্যাপ্ত । সেয়েহে এইসকল খেলুৱৈৰ সা-সুবিধাৰ প্ৰতিও দৃষ্টি দিবলৈ চৰকাৰক আহ্বান জনালে দৌৰবিদ বিজয় ডেকাই ৷

লগতে পঢ়ক :কৰণ জোহৰৰ ‘পদ্মশ্ৰী বঁটা’ক লৈ কি প্ৰতিক্ৰিয়া যমজ সন্তানৰ?

ABOUT THE AUTHOR

...view details