অসম

assam

By

Published : Jun 27, 2021, 10:08 PM IST

ETV Bharat / state

জ্যেষ্ঠ ভাতৃৰ কোৰৰ ঘাপত মৃত্যু কনিষ্ঠ ভাতৃৰ

ৰূপহীহাটৰ শিয়ালী চৰত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ৷ এজোপা বাঁহ কটাক লৈ সূত্ৰপাত হোৱা কাজিয়াৰ পৰিণতিত ককায়েকে হত্যা কৰে কনিষ্ঠ ভাতৃক ৷

depraved-heart-murder-murder-case-in-rupohihat
জ্যেষ্ঠ ভাতৃয়ে কোৰেৰে আক্ৰমণ কৰি হত্যা কৰিলে কনিষ্ঠ ভাতৃক

ৰূপহীহাট, 27 জুন :মহামাৰী, প্ৰাকৃতিক দুৰ্যোগ, অৰ্থনৈতিক অস্থিৰতা একোৱেই যেন মানৱ জাতিৰ জিঘাংসাক নিয়ন্ত্ৰণ কৰিব পৰা নাই ৷ চূড়ান্ত দুৰ্যোগৰ মাজতো সমাজত অপৰাধ আৰু অপৰাধীৰ সংখ্যা নিয়ন্ত্ৰণ হোৱাৰ পৰিৱৰ্তে দিনকদিনে বৃদ্ধি পাইছে ৷ মানৱ সমাজক লজ্জিত কৰা এনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ শিয়ালী চৰত ৷

ককায়েকে কৰা নিৰ্মম আক্ৰমণত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে । ঘটনাৰ বিৱৰণী অনুসৰি, নগাঁও জিলাৰ ৰূপহীহাটৰ শিয়ালী চৰৰ দুই ভাতৃৰ মাজত এজোপা বাঁহগছ কটাক লৈ সূত্ৰপাত হৈছিল কাজিয়াৰ ৷ ইয়াকে লৈ পৰৱৰ্তী সময়ত দুই ভাতৃৰ বিবাদে চূড়ান্ত ৰূপ লয় । বিবাদৰ পৰিণতিত জ্যেষ্ঠ ভাতৃ জহিৰুল ইছলামে এখন কোৰেৰে আক্ৰমণ কৰে কনিষ্ঠ ভাতৃ আছাদুল ইছলামক ৷

তাৎক্ষণিক এই আক্ৰমণত তিষ্ঠিব নোৱাৰি গুৰতৰভাৱে আহত হয় আছাদুল ইছলাম ৷

জ্যেষ্ঠ ভাতৃয়ে কোৰেৰে আক্ৰমণ কৰি হত্যা কৰিলে কনিষ্ঠ ভাতৃক

ঘটনাৰ লগে লগে চুবুৰীয়া ৰাইজে মিলি আছাদুলক দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । সম্প্ৰতি এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাস্থলীত লাওখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :পুনৰ কাৰাগাৰলৈ উভতিল বিধায়ক অখিল গগৈ

ABOUT THE AUTHOR

...view details