অসম

assam

By

Published : Dec 27, 2020, 7:27 PM IST

ETV Bharat / state

নগাঁৱত 'মা' শীৰ্ষক বিশেষ অনুষ্ঠান

লখিমপুৰৰ গোবিন বৰদলৈৰ পৃষ্ঠপোষকতাত আৰু ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত বৰ্ষীয়ান মহিলাক সন্মান প্ৰদৰ্শন ।

নগাঁৱত 'মা' শীৰ্ষক বিশেষ অনুষ্ঠান
নগাঁৱত 'মা' শীৰ্ষক বিশেষ অনুষ্ঠান

চামগুৰি,27 ডিচেম্বৰঃ'মা' এটি শব্দ নহয় । মা হৈছে আমাৰ আশ্ৰয়, বিশ্বাস আৰু সাহসৰ মূৰ্ত্ত প্ৰতীক ৷ যাৰ বাবে আমি পৃথিৱী দেখাৰ সৌভাগ্য লাভ কৰো ৷ আজি সেই মাৰ চকুত চকুলো ৷ কেৱল মা নহয়, সমান্তৰালকৈ কান্দিলে সেই মাৰ সন্তানসকলেও । মৃদুকৈ যেন ভাঁহি আহিল কান্দোনৰ ৰোল ৷

নগাঁৱত 'মা' শীৰ্ষক বিশেষ অনুষ্ঠান

দেওবাৰে লখিমপুৰৰ গোবিন বৰদলৈ নামৰ এগৰাকী ব্যক্তিৰ পৃষ্ঠপোষকতাত আৰু নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ সৌজ্যনত "মা" শীৰ্ষক এক সজাগতা আৰু সেৱা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটিত প্ৰায় অৰ্দ্ধ শতাধিক মহিলাক শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰে উদ্যোগতাই ।

লগতে পঢ়কঃ হায়দৰাবাদ ক’ভিড-19 ৰ ভেকছিনৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ হ’ব 2021 ত

ABOUT THE AUTHOR

...view details