অসম

assam

ETV Bharat / state

Book released in Nagaon: মোস্তাক আহমেদৰ গল্প সংকলন উন্মোচন

নগাঁৱত প্ৰয়াত মোস্তাক আহমেদৰ 'এই পুখুৰীৰ পাৰে' শীৰ্ষক গল্প সংকলনখন উন্মোচন কৰা হয় (Mostaq Ahmeds collection of stories released)। গল্প সংকলনখনৰ উন্মোচনী সভাত গল্পৰ মাজত লেখকজনৰ মনস্তাত্বিক দিশটো লুকাই থাকে বুলি মন্তব্য় কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত চন্দ্ৰ মহন্তই ।

By

Published : Mar 6, 2023, 10:09 AM IST

Book released at Nagaon Zila Sahitya Sabha Bhawan
মোস্তাক আহমেদৰ 'এই পুখুৰীৰ পাৰে' গল্প সংকলনখন উন্মোচন

নগাঁও, ৬ মাৰ্চ:"সাহিত্য সভাই সাহিত্যৰ পৰিবেশ সৃষ্টি কৰে । সাহিত্য সভাই সাহিত্য সৃষ্টি নকৰে ।" এই মন্তব্য নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত চন্দ্ৰ মহন্তৰ । দেওবাৰে নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী তোদী ভৱনত অনুষ্ঠিত প্ৰয়াত মোস্তাক আহমেদৰ "এই পুখুৰীৰ পাৰে" নামৰ গল্প সংকলনৰ উন্মোচনী সভাত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে (Book released at Nagaon Zila Sahitya Sabha Bhawan)। তেওঁ পুনৰ কয় যে, গল্পৰ মাজত আমি তেজ মঙহৰ মানুহজনক বিচাৰি পাওঁ । গল্পৰ মাজত লেখকজনৰ মনস্তাত্বিক দিশটো লুকাই থাকে । প্ৰতিটো গল্পৰ মাজত জীৱনৰ ঘাট প্ৰতিঘাত থাকে বুলি মন্তব্য় কৰি তেওঁ কয় যে, গল্পৰ মাজেৰে সাহিত্য সংবেদনশীল মনটো ধৰি ৰাখিব পাৰি ।

২১ টা গল্প সন্নিৱিষ্ট সংকলনখনি উন্মোচন কৰি নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট কবি পৰাণ কুমাৰ বৰুৱাই কয় যে, মোস্তাক আহমেদৰ ‘‘এই পুখুৰীৰ পাৰে’’ নামৰ সংকলনখন এখন অনুপম গল্প সংকলন বুলি ক’ব পাৰি (Collection of stories released in Nagaon)। গল্পকাৰে প্ৰতিটো গল্পত বিভিন্ন ব্যক্তিগত অভিজ্ঞতাক মননশীল দৃষ্টিৰে গল্পৰ ভিতৰলৈ আনিছে । তাতেই গল্পকাৰৰ বিশেষ বৈশিষ্ট্য প্ৰকাশ পাইছে ।

এই গ্ৰন্থ উন্মোচনী সভাখনত সঞ্চালনা কৰে কবি ৰিণি নেওগ বৰুৱাই (Nagaon Zila Sahitya Sabha)। সভাখনত নগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি উপেন চন্দ্ৰ বৰাই ভাষন প্ৰদান কৰে । নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁতধৰা এই সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় সদস্য আবুল খায়েৰ আহমেদ, ত্ৰিদিৱ লস্কৰ, বিচিত্ৰ নাৰায়ণ বৰা, প্ৰদীপ শইকীয়া, অধৰ ঠাকুৰীয়া, জেহিদুৰ ৰহমান আদি উপস্থিত থাকে ।

সভাত গ্ৰন্থখনৰ প্ৰকাশক নাজমা বেগমেও বক্তব্য আগবঢ়ায় । উল্লেখযোগ্য যে গল্প সংকলনখন সম্পাদনা কৰিছে জ্যেষ্ঠ সাংবাদিক ফাইজুৰ ৰহমানে । আনহাতে, সহযোগী সম্পাদকৰ দায়িত্বত আছে সাংবাদিক চন্দনজ্যোতি বৰা । এই সভাখনত প্ৰয়াত মোস্তাক আহমেদৰ (বেণু)পুত্ৰ পাকীজ উম্মীদ আহমেদ, কামাৰ নাজমুন আৰু কন্যা ৰুহী তাহেৰা বেগম উপস্থিত থাকে ।

ইপিনে,কালি অনুষ্ঠিত মাহেকীয়া সাহিত্য পাঠৰ অনুষ্ঠানত চিনু কাকতি শইকীয়া, দীপা পণ্ডিত, জ্যোতিকা মনি দাস, হেলেন পণ্ডিত, ইন্দিৰা গোস্বামী ভট্টাচাৰ্য, দেৱযানী শৰ্মা পাঠক, বিভা মহন্ত, আনোৱাৰ পাৰভেজ, সুনিমা কোঁৱৰ, অমিয়া শইকীয়া, ৰুকেয়া চুলতানা আহমেদ, তৰু বৰা, ময়ূৰ বৰা, শৈৱাল সাগৰ বৰা, কবিতা দাস, জয়ন্তী বৰা, দিপিকা বৰা, ড৹ প্ৰদীপ দাস, ৰেণু শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:34th Joint Annual Session: কোচ সন্মিলন, কোচ ছাত্ৰ সন্থা আৰু কোচ মহিলা পৰিষদ যৌথ বাৰ্ষিক অধিৱেশনৰ সামৰণি

ABOUT THE AUTHOR

...view details