নগাঁও, 23 নৱেম্বৰ: বুধবাৰে নগাঁৱৰ চলচলিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি গ' বেক ধ্বনিৰ সন্মুখীন হ'ল অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা (Ripun Bora faces protest) । ৰিপুন বৰাৰ সভাৰ সন্মুখতে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় একাংশ বিজেপি কৰ্মীয়ে । ৰাইহান চৌধুৰী নামৰ এজন যুৱকক আন স্থানৰ পৰা আনি চলচলিত সভা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় বিজেপিয়ে কৰ্মীয়ে উজাৰিলে ক্ষোভ (BJP workers protest against Ripun Bora)।
নগাঁৱত সভা পাতিবলৈ আহি প্ৰতিবাদৰ সন্মুখীন ৰিপুন বৰা ৰাইজৰ অভিযোগ অনুসৰি ৰাইহান চৌধুৰী নামৰ লোকজন চলচলিৰ স্থানীয় বাসিন্দা নহয় । স্থানীয় বাসিন্দা নোহোৱাকৈ চৌধুৰীয়ে চলচলিত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় স্থাপন কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছে (TMC joining meeting in Nagaon) । আনকি যিসকল লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে সেই সকল লোকো চলচলিৰ স্থানীয় লোক নহয় বুলি অভিযোগ উত্থাপন হৈছে ।
ৰূপহী, জুৰীয়া আৰু ধিঙৰ পৰা ৰাইহান চৌধুৰীয়ে বহু লোকক আনি নগাঁও সদৰ সমষ্টিৰ লোক হিচাপে চিনাকি কৰাই দি তৃণমূল কংগ্ৰেছত যোগদান কৰাইছে বুলিও উত্থাপন হৈছে অভিযোগ ।
আনহাতে, পূৰ্বতে কংগ্ৰেছে সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰি ৰাজনীতি কৰিছিল বুলিও অভিযোগ উত্থাপন কৰিছে বিজেপিৰ প্ৰতিবাদকাৰী সকলে । এইবাৰ পুনৰ তৃণমূল কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ লগত ৰাজনীতি কৰিব বিচাৰি আছে বুলি ক্ষোভ প্ৰকাশ কৰে বিজেপি কৰ্মীসকলে । সেয়ে তৃণমূল কংগ্ৰেছৰ সভাত সভাপতি ৰিপুন বৰাৰ উপস্থিতিত বিজেপি কৰ্মীয়ে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা গ' বেক, ৰিপুন বৰা মূর্দাবাদ, মমতা বেনাৰ্জী মূর্দাবাদ ধ্বনিৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Protest against Ripun Bora) ।
ইফালে একাংশ বিজেপিৰ কৰ্মীৰ এই প্ৰতিবাদ সন্দৰ্ভত ৰিপুন বৰাই কয় যে, বিজেপিয়ে আচলতে ভয় খাইছে ৷ পশ্চিম বংগৰ পৰা মোদী-শ্বাহক আঁতৰাই পঠিওৱাৰ দৰে অসমৰ পৰাও বিজেপিক বিদায় দিব বুলি মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ তেওঁ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংস আৰু ডেংগু মামা বুলিও কটাক্ষ কৰে (Ripun Bora criticizes Assam CM) ৷
মুখ্যমন্ত্ৰী ড৹ শৰ্মাক সমালোচনা কৰি ৰিপুন বৰাই কয় যে, হিমন্ত বিশ্ব শৰ্মাই নিজকে মামা হিচাপে ব্ৰেণ্ডৰ সৃষ্টি কৰিছে ৷ কিন্তু তেওঁ কংস মামাহে, যি নিজৰ ভাগিনক ধ্বংসৰ ফালে ঠেলি দিয়ে ৷ কেৱল প্ৰচাৰত ব্যস্ত থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় মেঘালয়ৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তি কৰিব পৰা নাই বুলিও বৰাই প্ৰশ্ন কৰে ৷ অৱশ্যে বিজেপিৰ প্ৰতিবাদৰ মাজতে পুৰণিগুদামৰ চলচলিত সমাপন হয় তৃণমূল কংগ্ৰেছৰ সভাখন ৷
লগতে পঢ়ক:Assam Meghalaya conflict: মেঘালয়ক মাটি এৰি দিয়াৰ বাহিৰে কি কৰি দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই ? ৰিপুণ বৰাৰ প্ৰশ্ন