ওপজা দিনটোতে এলাগী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা!
নগাঁওৰ ৰূপহীত ওপজা দিনটোতে এলাগী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা ৷ 8 ছেপ্তেম্বৰ সমগ্ৰ ৰাজ্যজুৰি সুধাকণ্ঠৰ 93সংখ্যক জন্মদিৱস পালন কৰাৰ বিপৰীতে নগাঁও জিলাৰ ৰূপহীৰ বেলগুৰিস্থিত ড৹ ভূপেন হাজৰিকা মুকলি মঞ্চত নজ্বলিল এগছিও বন্তি ৷
নগাঁও, 9 ছেপ্তেম্বৰঃ নগাঁওৰ ৰূপহীত ওপজা দিনটোতে এলাগী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা ৷ 8 ছেপ্তেম্বৰ সমগ্ৰ ৰাজ্যজুৰি সুধাকণ্ঠৰ 93সংখ্যক জন্মদিৱস পালন কৰাৰ বিপৰীতে নগাঁও জিলাৰ ৰূপহীৰ বেলগুৰিস্থিত ড৹ ভূপেন হাজৰিকা মুকলি মঞ্চত নজ্বলিল এগছিও বন্তি ৷ জৰাজীৰ্ণ অৱস্থাত ৰূপহীৰ সুধাকণ্ঠৰ মুকলি মঞ্চ ৷ উল্লেখ্য যে ভাৰতৰত্ন ড৹ হাজৰিকাৰ সৃষ্টিৰাজি স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ড এলেকাত সুধাকণ্ঠৰ নামেৰে একোখনকৈ মঞ্চ স্থাপন কৰিছিল। সমগ্ৰ ৰাজ্যৰ বিভিন্ন মুকলি মঞ্চত বিশ্ব বৰেণ্য শিল্পীজনক সোঁৱৰণ কৰিছে যদিও ৰূপহী বেলগুৰিস্থিত সুধাকণ্ঠ ড৹ ভুপেন হাজৰিকা মুকলি মঞ্চখন এই স্মৰণীয় দিনটোতো পৰিত্যক্ত হৈ পৰি থাকিল। এনে ঘটনাই বিশ্ববৰেণ্য শিল্পী গৰাকীৰ প্ৰতি এক প্ৰকাৰ অপমান কৰা হৈছে বুলি ৰূপহীহাটৰ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।