নগাঁও ,25 নৱেম্বৰ: অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আৰম্ভ কৰা ভাৰত জোড়ো কাৰ্যসূচী শুক্ৰবাৰে নগাঁৱত অনুষ্ঠিত হয়(Bharat jodo jatra in Nagaon) । যোৱা 1 নৱেম্বৰৰ পৰা ৰাজ্যখনত আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা ৷ ধুবুৰীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰম্ভ কৰিছিল এই যাত্ৰা (Bharat jodo jatra in Assam)৷
শুক্ৰবাৰে নগাঁৱত অনুষ্ঠিত ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ,কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ(MP Gaurav Gogoi) , চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন , ৰূপহীৰ বিধায়ক নুৰুল হুদাই । ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তীব্ৰ কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক(Assam CM Himanta Biswa Sarma) ।
ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে সাপ হৈ খোটে আৰু বেজ হৈ জাৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই(APCC President Bhupen Borah) । তদুপৰি শেহতীয়া মুক্ৰ’ৰ সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা একপক্ষীয় প্ৰেমত পৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ।