অসম

assam

ETV Bharat / state

শিক্ষকৰূপী প্ৰেমিকৰ কাণ্ড: ছচিয়েল মিডিয়াত ভাইৰেল কৰিলে প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ভিডিঅ

বটদ্ৰৱাত এজন শিক্ষকে সংঘটিত কৰিলে এক লজ্জানত কাণ্ড৷ ফেচবুকত প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ভিডিঅ ভাইৰেল কৰি ৰাইজৰ ৰোষত পৰিল সোনবা আহমেদ নামৰ এজন শিক্ষক৷

By

Published : Sep 8, 2019, 11:47 AM IST

শিক্ষকৰূপী প্ৰেমিকৰ কাণ্ড: ছচিয়েল মিডিয়াত ভাইৰেল কৰিলে প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ভিডিঅ

বটদ্ৰৱা,8 ছেপ্তেম্বৰ: বটদ্ৰৱাত এজন শিক্ষকে সংঘটিত কৰিলে এক লজ্জানত কাণ্ড৷ ফেচবুকত প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ভিডিঅ ভাইৰেল কৰি ৰাইজৰ ৰোষত পৰিল সোনবা আহমেদ নামৰ এজন শিক্ষক৷ সোনবা আহমেদৰে প্ৰেমৰ সম্পৰ্ক আছিল একে গাঁৱৰে এগৰাকী যুৱতীৰ ৷ পৰৱৰ্তী সময়ত প্ৰেমৰ অচিলা লৈ যুৱতী গৰাকীৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্তৰ নিজৰ মবাইলৰ কেমেৰাত আবদ্ধ কৰি ৰাখিছিল অভিযুক্ত সোনবা আহমেদ ৷ পাছত সেই যুৱতী গৰাকীৰ সৈতে সম্পৰ্কৰ বিচ্ছেদ ঘটাই অন্য যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল সোনবা আহমেদে৷ সমান্তৰালকৈ যুৱতী গৰাকীও অন্য এজন যুৱকৰ লগত বিবাহ পাশত আবদ্ধ হৈ কৰিছিল সুখৰ সংসাৰ ।

শিক্ষকৰূপী প্ৰেমিকৰ কাণ্ড: ছচিয়েল মিডিয়াত ভাইৰেল কৰিলে প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ভিডিঅ

কিন্তু শেহতীয়াকৈ অভিযুক্ত আহমেদে পুৰণি প্ৰেমিকাৰ লগত কটোৱা অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' ভাইৰেল কৰে ছচিয়েল মেডিয়াত যাৰ ফলত ক্ষোভিত গাঁৱৰ ৰাইজৰ ৰোষত পৰিল শিক্ষক সোনবা আহমেদ ৷ আহমেদক ধৰি-বান্ধি উত্তম-মাধ্যম দিয়ে স্থানীয় মহিলাই ৷ পাছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ এগৰাকী বিবাহিত মহিলাক প্ৰাক্তন প্ৰেমিকে এইদৰে সন্মানহানি কৰা কাৰ্যক একেমুখে গৰিহণা দিছে স্থানীয় ৰাইজে লগতে দাবী কৰিছে দোষীৰ বাবে উচিত শাস্তিৰ ৷ অভিযুক্ত সোনবা আহমেদে বিদ্যালয়ৰ ছাত্ৰী আৰু টিউচন কৰাৰ চলেৰে বিভিন্ন যুৱতীৰ লগত কুকৰ্ম কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details