অসম

assam

ETV Bharat / state

বাংলাদেশৰ গীতত অসমৰ ভৌগলিক পৰিৱেশ

বাংলাদেশ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ মুখত "মনে কৰি আসাম যাবো"শীৰ্ষক এই বিশেষ গীত, য'ত অসমৰ ভৌগলিক পৰিৱেশৰ লগতে অসমৰ চাহ বগিছাৰ কথা উল্লেখ কৰা হয় এই গীতটিত,গীতটি  "একতাৰা" নামৰ সংগীতৰ এটি দলৰ শিল্পীয়ে পৰিৱেশন কৰিছে

By

Published : Jun 8, 2019, 9:03 PM IST

বাংলাদেশৰ গীতত অসমৰ ভৌগলিক পৰিৱেশ

কলিয়াবৰ,৮জুন : বাংলাদেশত চৰ্চিত অসম । বাংলাদেশৰ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ মৰ্চাৰ Private University Student Alliance of Bangladeshয়ে প্ৰচাৰ কৰিছে এটি বিশেষ গীত । "মনে কৰি আসাম যাবো"শীৰ্ষক এই গীতটি "একতাৰা" নামৰ সংগীতৰ এটি দলৰ শিল্পীয়ে পৰিৱেশন কৰিছে । গীতটি ঝুমুৰ সুৰীয়া কণ্ঠৰে প্ৰকাশিত কৰা হৈছে । য'ত চৰ্চিত হৈছে অসমৰ সাংস্কৃতিক পৰিৱেশৰ লগতে চাহ বাগিছাৰ কেঁচা পাতৰ সুগন্ধিৰে ভৰি থকা অসমৰ কথা । ইতিমধ্যেই চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই গীতটি । গীতটোত কণ্ঠ দান কৰিছে দীনা শ্বেইখ আৰু বাদ্যযন্ত্ৰত সহায় কৰিছে অমিত ৰাজবংশী, তন্বী, মেহতাব আজমইনে । গীতটিৰ দৃশ্যগ্ৰহণ বাংলাদেশ বিশ্ববিদ্যালয়ৰ চৌহদত কৰা হয় ।

বাংলাদেশৰ গীতত অসমৰ ভৌগলিক পৰিৱেশ

ইফালে, ড০ ভূপেন হাজৰিকাৰ গীতৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চাত নিৰৱাচ্ছিন্নভাৱে সেৱা আগবঢ়াই থকা শিক্ষক নয়নজ্যোতি শইকীয়াই বাংলাদেশৰ প্ৰতিজন ব্যক্তিৰ মাজত অসমৰ সংস্কৃতি জৰিত হৈ থকাৰ উল্লেখ কৰি বাংলাদেশৰ শিক্ষাৰ্থীসকলৰ অসমলৈ অহাৰ মন থকাৰ কথা গীতটিত প্ৰকাশ কৰি গীতটি ৰচনা কৰা হৈছে বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details