নগাঁও,11 ছেপ্তেম্বৰ: চাকৰি হেৰুৱাব পাৰে ৰাজ্যৰ ১৪০০ অসমীয়া যুৱক যুৱতীয়ে । অটল অমৃত আৰু আয়ুষ্মান ভাৰতৰ অধীনত কৰ্মৰত এই যুৱক-যুৱতীসকলক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এনএইচএমৰ বিৰুদ্ধে ৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰ’ণা কালত সেৱা আগবঢ়াই অহা কৰ্মচাৰীসকলে বিগত চাৰি মাহে লাভ কৰা নাই দৰমহা । নিয়োজিত হৈ থকা কৰ্মীক দৰমহা দিয়াৰ পৰিৱৰ্তে ত্ৰিশ বছৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰি আয়ুষ্মান ভাৰতে প্ৰকাশ কৰিছে পুনৰ নিযুক্তিৰ বিজ্ঞাপন ৷
অনিশ্চিত ভৱিষ্যতক কেন্দ্ৰ কৰি এতিয়া শংকিত ৰাজ্যৰ সহস্ৰাধিক আৰোগ্য মিত্ৰ আৰু আয়ুষ্মান ভাৰতৰ কৰ্মী ৷ স্বাস্থ্য বিভাগৰ এই বিজ্ঞাপনৰ পিছতেই এতিয়া ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে এইসকল আৰোগ্য মিত্ৰ আৰু আয়ুষ্মান ভাৰতৰ অধীনৰ কৰ্মচাৰী ৷ চৰকাৰৰ প্ৰকাশিত বিজ্ঞাপনত পাঁচবছৰৰ অভিজ্ঞতা বিচৰাৰ লগতে বয়সৰ সীমা নিৰ্ধাৰণ কৰিছে মাত্ৰ ত্ৰিশ বছৰ । এনেক্ষেত্ৰত পূৰ্বৰ কৰ্মচাৰীয়ে অভিজ্ঞতা থকা স্বত্বেও বয়সৰ সীমা অতিক্ৰম কৰাৰ বাবে কৰিব নোৱাৰিব পুনৰ আবেদন । এই বিজ্ঞাপনক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷