অসম

assam

ETV Bharat / state

বঢ়মপুৰত আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ

কৰ’ণাৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজত নৱম অসম আৰক্ষী বাহিনীৰ জোৱান সকলে প্ৰায় 10 বিঘা মাটিত কৰা শাক-পাচলি সুলভ মূল্যত যোগান ধৰিছে স্থানীয় ৰাইজক ৷

assam-police-personnel-are-providing-vegetables-at-affordable-prices-to-the-locals-at-barhampur
বঢ়মপুৰত আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Jun 18, 2021, 1:10 PM IST

চামগুৰি, 18 জুন : বঢ়মপুৰত অসম আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ ৷ কৰ’ণা এই ভয়ংকৰ পৰিস্থিতিৰ মাজত বঢ়মপুৰত সাধাৰণ ৰাইজৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে নৱম অসম আৰক্ষী বাহিনীয়ে । বঢ়মপুৰ অঞ্চলৰ স্থানীয় ৰাইজৰ যিকোনো সমস্যাতে সততে সহায় আগবঢ়াই আহিছে বাহিনীটোত কৰ্মত আৰক্ষী জোৱান সকলে । এইবেলি ক'ভিড পৰিস্থিতিত ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্য আৰক্ষী জোৱান সকলে খেতি কৰা বিভিন্ন শাক-পাচলি সুলভ মূল্যত যোগান ধৰিছে স্থানীয় ৰাইজক । প্ৰায় 10 বিঘা মাটিত জিকা, ভোল, লেচেৰা মাহ, ৰঙালাও, ভেন্দি, তৰৈ, অমিতা আদি খেতি কৰিছিল আৰক্ষী জোৱান সকলে ৷

বঢ়মপুৰত আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ

উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ বাবে আন্তঃজিলা বন্ধ হৈ পৰাত দ্ৰুত গতিত বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য । যাৰ ফলত সাধাৰণ ৰাইজৰ পাচলি ক্ৰয় কৰাত বহু অসুবিধা সন্মুখীন হ’ব লগা হৈছে ৷ আনহাতে, বহু লোক এতিয়া কৰ্মহীন হৈ পৰিছে । তেনে লোকৰ ক্ষেত্ৰত নৱম অসম আৰক্ষী বাহিনীৰ এই সহায় যথেষ্ট আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ।

লগতে পঢ়ক : পশ্চিমবংগত অনুচ্ছেদ ৩৫৬ কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছেনে ?

ABOUT THE AUTHOR

...view details