অসম

assam

By

Published : Jun 22, 2023, 8:26 PM IST

ETV Bharat / state

Manipur Violence: মণিপুৰত ৰাষ্ট্ৰীপতি শাসন প্ৰৱৰ্তনৰ দাবীত নগাঁৱত AJYCP ৰ অৱস্থান ধৰ্মঘট

এন বীৰেণ সিং নেতৃত্বাধীন বিজেপি চৰকাৰৰ পদত্যাগ আৰু মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট ৷ নগাঁৱতো জিলা সমিতিয়ে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী ৷

Manipur Violence
presidential rule in Manipur

নগাঁৱত AJYCP ৰ অৱস্থান ধৰ্মঘট

নগাঁও, 22 জুন: 49 দিন অতিক্ৰম কৰিলে মণিপুৰৰ হিংসাত্মক ঘটনাই ৷ কিন্তু এতিয়াও নিৰ্বাপন হোৱা নাই হিংসাৰ জুই ৷ প্ৰকৃতিৰ ৰম্যভূমি স্বৰূপ মণিপুৰ বিলীন হৈছে ছাঁই আৰু ধোঁৱাৰ মাজত ৷ অতি কমেও 50 হাজাৰ লোক গৃহহীন হোৱাৰ উপৰিও শতাধিক লোক নিহত আৰু তিনি শতাধিক লোক আহত হৈছে গোষ্ঠীগত সংঘৰ্ষত ৷ মেইটেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানক লৈয়েই জ্বলিছে মণিপুৰ ৷ প্ৰায় 40 সহস্ৰাধিক সেনাই অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৷ কিন্তু দুৰ্বৃত্তই তাৰ মাজতেই চলাই গৈছে হিংসাত্মক কাৰ্য ৷

মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ মন্তব্য কৰা নাই প্ৰধানমন্ত্ৰীয়ে ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে মণিপুৰবাসী ৷ আনকি যোৱা দেওবাৰে সম্প্ৰচাৰিত প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানতো উচ্চাৰিত নহ’ল মণিপুৰৰ প্ৰসংগ ৷ যাৰ ফলত ক্ষোভিত একাংশ লোকে ইম্ফলত ৰেডিঅ’ ভাঙি নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তাৰোপৰি মণিপুৰৰ কেইবাজনো বিৰোধী বিধায়কে কেইবাদিনো ধৰি দিল্লীত বাহৰ পাতিও লগ ধৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰীক ৷ তেওঁলোকক সম্পূৰ্ণ ৰূপে উপেক্ষা কৰি আমেৰিকালৈ উৰা মাৰে নৰেন্দ্ৰ মোদী ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চাৰিদিন মণিপুৰত বাহৰ পাতি পৰিস্থিতিৰ বুজ লয় যদিও বিশেষ ফল নধৰিলে ৷ তাৰ পাচতেই আৰম্ভ হয় জনপ্ৰতিধিৰ গৃহত অগ্নিসংযোগৰ ঘটনা ৷

লগতে পঢ়ক:Constituency delimitation: মৰিগাঁও সমষ্টিক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ আহ্বান বিধায়ক ৰমাকান্ত দেউৰীৰ

মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবীত অসমতো আৰম্ভ হৈছে ধৰ্ণা-প্ৰতিবাদ ৷ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত ৰূপায়ণ কৰে ধৰ্মঘট কাৰ্যসূচী ৷ নগাঁৱত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । অতি শেহতীয়াভাৱে মণিপুৰত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষত ইতিমধ্যে শ শ নিৰীহ লোকে প্ৰাণ হোৱাইছে । মণিপুৰলৈ শান্তি-শৃংখলা ঘূৰাই অনাৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে এন বীৰেন সিঙৰ চৰকাৰৰ ব্যৰ্থতাত চৰম উদ্বেগ প্রকাশ কৰে ।

মণিপুৰৰ স্থায়ী শান্তি শৃংখলা ঘূৰাই অনাৰ স্বাৰ্থত মণিপুৰৰ এন বীৰেন সিঙৰ চৰকাৰ ভংগ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী উত্থাপন তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অসমৰ প্ৰতিখন জিলাৰ লগতে নগাঁও জিলাতো উপায়ুক্ত কাৰ্যালয়ৰ সমীপত 3 ঘন্টীয়া অৱস্থা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি জিলা আয়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ জৰিয়তে স্মাৰক প্ৰদান কৰে সংগঠনটোৰ বিষয়-ববীয়াই ।

ABOUT THE AUTHOR

...view details