অসম

assam

By

Published : Nov 13, 2020, 5:29 PM IST

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ মতিভ্ৰম হৈছেঃ মৌলানা আব্দুল কাদিৰ

বৃহস্পতিবাৰে ৰূপহীহাট সমষ্টিত এ আই ইউ ডি এফৰ এখন দলীয় সভাত উপস্থিত থাকি এ আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি মৌলানা আব্দুল কাদিৰে কেইবাটাও মন্তব্য কৰে । কাদিৰে কয় যে, হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক ঠেঙা দেখুৱাইছে। আমি অভদ্ৰ নহয়। আমি ভদ্ৰভাৱে আলোচনা কৰি ভাল পাওঁ।

Aiudf meeting  at rupohihat
হিমন্ত বিশ্ব শৰ্মাৰ মতিভ্ৰম হৈছেঃ মৌলানা আব্দুল কাদিৰ

চামগুৰি,13 নৱেম্বৰঃৰাজ্যত সমগাত বিধান সভাৰ নিৰ্বাচন ৷ ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰা দেখা গৈছে ৷ তাৰমাজতে তুংগত উঠিছে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্বৰ শৰ্মাৰ বাকযুদ্ধ ৷ শেহতীয়াকৈ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ প্ৰসংগত দুয়োৰ মাজত কথাৰ কটা-কটি অব্যাহত আছে ৷ এ আই ইউ ডি এফ আৰু বিজেপি দলৰ মাজত ৰাজনৈতিক বাকযুদ্ধই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে ৷

হিমন্ত বিশ্ব শৰ্মাৰ মতিভ্ৰম হৈছেঃ মৌলানা আব্দুল কাদিৰ

তাৰমাজতে বৃহস্পতিবাৰে ৰূপহীহাট সমষ্টিত এ আই ইউ ডি এফৰ এখন দলীয় সভাত উপস্থিত থাকি এ আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি মৌলানা আব্দুল কাদিৰে কেইবাটাও মন্তব্য কৰে। কাদিৰে কয় যে, হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক ঠেঙা দেখুৱাইছে। আমি অভদ্ৰ নহয়। আমি ভদ্ৰভাৱে আলোচনা কৰি ভাল পাওঁ। তেওঁ এজন দক্ষ মন্ত্ৰী আছিল। আজি কালি তেওঁ আজিজ খানক পাকিস্তান বুলি শুনা পায়। কাৰোবাক ঠেঙা দেখুৱায়। যি মহাজোট বন্ধনৰ কথা চলি আছে। এই মহাজোট বন্ধনৰ প্ৰভাৱত তেওঁৰ মতিভ্ৰম ঘটিছে যেন অনুমান হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে এ আই ইউ ডি এফৰ নেতাগৰাকীয়ে ।

সভাত কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতিৰ লগতে উপস্থিত আছিল জনীয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম আৰু ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ৷ দলটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক নুৰুল আমিন চৌধুৰীয়ে কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা হলে ৰূপহীহাটত কোন দলে প্ৰাৰ্থীত্ব দিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, ৰূপহীহাটত যি দলে জিকাৰ সম্ভাৱনা আছে সেই দলেই প্ৰাৰ্থিত্ব দিব। উল্লেখযোগ্য যে, এ আই ইউ ডি এফৰ ৰূপহীহাট সমষ্টিৰ সভাপতি মৌলানা মোবাৰক আলীয়ে সভাপতিত্ব কৰা সভাখনত দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে এ আই ইউ ডি এফত যোগদান কৰে ।

লগতে পঢ়কঃ পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details