অসম

assam

ETV Bharat / state

জুৰীয়াৰ এজন ব্যতিক্ৰমী হাবিলদাৰ

এই হাবিলদাৰ গৰাকীৰ আছে বিশেষ প্ৰতিভা । শুৱলা কন্ঠৰে ভাগৱত পাঠ আৰু ভাঙনি কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে হাবিলদাৰগৰাকীয়ে । এই বিশেষ প্ৰতিভাৰ বাবে বিভিন্ন ঠাইৰ পৰা তেঁওলৈ আহে ভাগৱত পাঠৰ অনুৰোধ ।

By

Published : Apr 25, 2019, 7:14 PM IST

জুৰীয়াৰ এজন ব্যতিক্ৰমী হাবিলদাৰ

জুৰীয়া,২৫ এপ্ৰিলঃ ভাগৱত পাঠ কৰি ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী থানাৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকাই ৷ অসম আৰক্ষীৰ কৰ্মচাৰী হৈ নিজৰ দায়িত্বৰ লগতে সাংস্কৃতিক দিশটোত নিজকে আত্মপ্ৰকাশ কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী থানাৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকাই ৷

জুৰীয়াৰ এজন ব্যতিক্ৰমী হাবিলদাৰ

আৰক্ষীসকলে সদায়েই এক ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি থাকে বুলিয়েই সাধাৰণ ৰাইজৰ মনত এটা ধাৰণা আছে । কিন্তু এই ধাৰণাৰ বিপৰীতে গৈ সুবেন্দ্ৰ ডেকাই নিজৰ কামৰ সমান্তৰালভাৱে জড়িত হৈ আছে সামাজিক কামৰ লগত । সকলোৱে তেঁওক ভালপোৱাৰ লগতে তেঁও পাঠ কৰা ভাগৱত ফাঁকি শুনিবৰ বাবে ইচ্ছুক হৈ উঠে ।

পঢ়কঃ শিৱসাগৰত বিষাক্ত মাখিৰ আতংক

ABOUT THE AUTHOR

...view details