অসম

assam

ETV Bharat / state

ভূৰবন্ধাত সম্পন্ন যুৱ চেতনা শিবিৰ

এই শিবিৰত ৰাজ্যৰ কেবাজনো যুগ প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়াৰ লগতে বহিঃৰাজ্যৰ কেবাগৰাকী যুগ প্ৰশিক্ষকে এই দেৱভূমিত সৎ মানুহ হৈ দেশ মাতৃৰ সুৰক্ষা আৰু সেৱা বিষয়ে প্ৰশিক্ষণ আগবঢ়ায় ৷

ভূৰবন্ধাত সম্পন্ন যুৱ চেতনা শিবিৰ

By

Published : Jul 23, 2019, 7:52 AM IST

Updated : Jul 23, 2019, 1:29 PM IST

মৰিগাঁও, 23 জুলাই: মৰিগাঁৱত সম্পন্ন পাঁচদিনীয়াকৈ আয়োজিত যুৱ চেতনা শিবিৰ ৷ সোমবাৰে সামৰণি পৰে হিন্দু জাগৰণ মঞ্চ মৰিগাঁও জিলাৰ উদ্যোগত ভূৰবন্ধা আয়োজক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই যুৱ চেতনা শিবিৰ ৷ সামৰণি অনুষ্ঠাৰ লগত সংগতি ৰাখি পুৱা ধৰ্মধ্বজা উত্তোলন,বন্তিপ্ৰজ্বলন, আৰু প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা উলিওৱা হয় শোভাযাত্ৰা ৷ ঐতিহাসিক ঔগুৰি উচ্ছ মাধ্যমিক বিদ্যালয়ত ১৮ জুলাইৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত শিবিৰত ৰাজ্যৰ দুই শতাধিক যুৱক-যুৱতী, কিশোৰ-কিশোৰী উপৰিও চুবুৰীয়া মেঘালয়ৰ পৰা কেইবাগৰাকী প্ৰশিক্ষাৰ্থীয়ে গ্ৰহণ কৰে প্ৰশিক্ষণত ৷ এই শিবিৰত ৰাজ্যৰ কেইবাজনো যুগ প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়াৰ লগতে বহিঃৰাজ্যৰ কেইবাগৰাকী যুগ প্ৰশিক্ষকে এই দেৱভূমিত সৎ মানুহ হৈ দেশ মাতৃৰ সুৰক্ষা আৰু সেৱা বিষয়ে প্ৰশিক্ষণ আগবঢ়ায় ৷ সোমবাৰৰ সামৰণি অনুষ্ঠানত মুখ্য বক্তাৰূপে অংশ লৈ আধ্যাত্মিক বক্তা দিগন্ত বিশ্ব শৰ্মাই । শৰ্মাই ভাষণত জ্ঞান, শক্তি, সেৱা আৰু কৰ্ম কৌশলৰ বিষয়ে সাৱলীল বাখ্যা আগবঢ়ায় ৷ উল্লেখ্য যে, মুখ্য বক্তা গৰাকীয়ে ভাষণ প্ৰসংগত ভাৰতীয় বালকৰ আধ্যাত্মিক দৰ্শনৰ উদাহৰণ দাঙি ধৰি ভক্তপ্ৰহ্লাদ, একলব্য, ধ্ৰুৱ আৰু নাছিকেতাৰ উদাহৰণ দিয়ে ।

ভূৰবন্ধাত সম্পন্ন যুৱ চেতনা শিবিৰ
Last Updated : Jul 23, 2019, 1:29 PM IST

ABOUT THE AUTHOR

...view details