অসম

assam

মৰিগাঁৱত তিৱা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Nov 19, 2020, 8:48 AM IST

বুধবাৰে মৰিগাঁৱৰ ভূৰবন্ধাত তিৱা যুৱ ছাত্ৰ পৰিষদৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস উদযাপন ৷ গীত, নৃত্যৰ আৰু গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰৰে সম্পন্ন হয় এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷

morigaon tiwa yuva chatra parishad
মৰিগাঁৱত তিৱা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস

মৰিগাঁও,19 নৱেম্বৰ : মৰিগাঁৱৰ ভূৰবন্ধাত বুধবাৰে উদযাপন কৰা হয় তিৱা যুৱ ছাত্ৰ পৰিষদৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস ৷ মধ্য অসমৰ তিৱা ছাত্ৰৰ অন্যতম সহযোগী সংগঠন তিৱা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গীত, নৃত্যৰ আৰু গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷

মৰিগাঁৱত তিৱা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস

মুকলি সভাত উপস্থিত থাকি তিৱাসকলৰ আগশাৰী নেতা তুলসী বৰদলৈ, উপ সভাপতি ৰজনীকান্ত বৰদলৈ, সভাপতি দিলিপ বৰদলৈ প্ৰমুখ্যে বহুকেইজন তিৱা জাতীয়তাবাদী নেতাই নিজ বক্তব্য ৰাখে ৷

চৰকাৰৰ কেতবোৰ কামকাজক কটু ভাষাৰে সমালোচনা কৰে তিৱা নেতাসকলে । বিশেষকৈ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সন্দৰ্ভত চৰকাৰৰ ভূমিকাক সমালোচনা কৰে আলোচক সকলে ।

লগতে পঢ়ক :বন বিভাগৰ পৃষ্ঠপোষকতাত ধুবুৰীত বন ধ্বংস অব্যাহত !

ABOUT THE AUTHOR

...view details