মৰিগাঁও, 10 জুলাই: বৃহস্পতিবাৰে নিশা মৰিগাঁৱৰ বাছনাঘাট দৈনিক বজাৰত চোৰৰ লুটপাত । এৰাতিৰ ভিতৰতে কেইবাখনো দোকানত চোৰে অভিযান চলাই চুৰি কৰে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী । ইয়াৰ বিৰুদ্ধে ইতিমধ্যে দোকানৰ স্বত্বাধিকাৰীয়ে মৰিগাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ।
মৰিগাঁৱৰ বজাৰত চোৰৰ তাণ্ডৱ
মৰিগাঁৱৰ বাছনাঘাট দৈনিক বজাৰত বৃহস্পতিবাৰে নিশা চোৰে কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী চুৰি কৰে। লক ডাউনৰ বাবে গাঁওৰক্ষী বাহিনীৰ লোক নথকাৰ সুযোগ লৈ চোৰে এই চুৰিকাণ্ড সংঘটিত কৰে বুলি উল্লেখ কৰিছে স্থানীয় লোকে ৷
মৰিগাঁৱৰ বজাৰত চোৰৰ তাণ্ডৱ
ঘটনাৰ বিৱৰণী মতে, নিশা মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাছনাঘাট দৈনিক বজাৰৰ গোপীনাথ মণ্ডল, দেৱেন বিশ্বাসকে ধৰি কেইজনো লোকৰ দোকানৰ পৰা চোৰে কাপোৰ, মৰাপাট, সৰিয়হকে ধৰি লক্ষাধিক টকাৰ সা-সামগ্ৰী চুৰি কৰে । লক ডাউনৰ বাবে গাঁওৰক্ষী বাহিনীৰ লোক নথকাৰ সুযোগ লৈ এই অভিযান চলায় চোৰে ।
লগতে পঢ়ক:চিকিৎসালয়তেই কৰ'ণা ৰোগীৰ প্ৰতিবাদ